Google Banned Apps : নিষিদ্ধ কৰিলে গুগলে, এই এপ্‌ ফোনত থাকিলেই বিপদ !

hacker hacking laptop security threat attack by undefined undefined gettyimages 962366210 2400x1600 cio cw 100852252 large

এই তিনি এপে উদ্বেগ বঢ়াইছে সকলোৰে । এইবাৰ প্লেষ্টোৰৰ পৰা ক্ষতিকাৰক এপ্‌বোৰ পৰিহাৰ কৰিলে গুগলে । লগতে নিষিদ্ধ কৰা হৈছে এই এপ্‌বোৰক । আপোনাৰ ম’বাইলত এই তিনি এপ্ নাইতো ?

Google Banned Apps : আপোনাৰ ম’বাইলত থাকিলে বিপদৰ শংকা

গুগলৰ তৰফৰ পৰা কোৱা হৈছে, এই তিনি এপৰ মাধ্যমত সহজেই ফোনত প্ৰৱেশ কৰিব পাৰে জোকাৰৰ দৰে ক্ষতিকাৰক ভাইৰাছ । এণ্ড্ৰ‌ইড ম’বাইলত যিয়ে আপোনাৰ অনুমতি অবিহনেই টকা দি দিব । ভাবিছে‌ নে কেনেদৰে সম্ভৱ হ’ব এই কাৰ্য ? ৱর্ল্ড টেক জায়েন্টৰ দৰে, আপোনাক নজনোৱাকৈয়ে দামি সেৱাৰ ছাবক্রিপছন কৰি দিব জোকাৰে । এইদৰে আপোনাৰ টকা চুৰি কৰিলেও প্রথমে বুজিব নোৱাৰিব আপুনি ।

Google Play Store Update : কোনে ধৰিলে এই জালিয়াতি ?
সম্প্রতি এন্টি ভাইৰাছ এপ‌্ কেছপাৰস্কিৰ দৃষ্টিত পৰিছে এই তিনি এপ্ । এই প্রসংগত ইন্টাৰনেট সুৰক্ষাৰ গৱেষক ইগৰ গোল’ভিনে জনায়, আগতেই গুগলৰ ইন্টাৰনেট সুৰক্ষা টিমৰ পৰা জোকাৰ মালৱেৰে অনুমোদন পাইছে । প্রথমে ক্ষতিকাৰক বুলি নাভাবিলেও প্লেষ্টোৰৰ লাইভত যাওঁতেই সক্রিয় হৈ উঠে এই ক্ষতিকাৰক মালৱেৰ ।

Google Banned Apps : কোন তিনি এপে ক্ষতি কৰিছে ?

Style Message, Blood Pressure App, Camera PDF Scanner -এই তিনি এপকেই প্লেষ্টোৰৰ পৰা নিষিদ্ধ কৰিছে গুগলে । আপুনি যদি এই এপ্‌ ডাউনলোড কৰিছে, তেনেহ’লে অতি শীঘ্ৰে সেয়া ম’বাইলৰ পৰ ডিলিট কৰক । অন্যথা আপোনাৰ অজান্তেই টকা গুচি যাব অন্য কোম্পানিৰ হাতত । এয়ে প্রথমবাৰ নহয় । অতীতো এই ধৰণৰ সমস্যা সৃষ্টি কৰাত বহু এপক প্লেষ্টোৰৰ পৰা পৰিহাৰ কৰিছে গুগলে । ক্ষতিকাৰক এই এপ্‌বোৰৰ পৰাই বিভিন্ন সমস্যা সৃষ্টি হৈছিল । পৰৱর্তীকালত যাৰ ফল ভুগিবলগীয়া হৈছিল গুগল ইউজাৰসকলে ।

Exit mobile version