India’s Male Child Preference : কন্যা নহয়, পুত্র সন্তান জন্ম দিবলৈ আগ্রহী ৮০ শতাংশ ভাৰতীয় !

Indias Male Child Preference 80 of Indians are interested in

একবিংশ শতিকাতো লিংগ বৈষম্য‌ আছে ভাৰতত । সম্প্রতি প্ৰকাশিত প্ৰতিবেদনত এই তথ্য‌ই উল্লিখিত । স্বাধীনতাৰ ৭৫ বছৰ পাছত ভাৰতীয় পৰিয়ালে কন্যা সন্তানতকৈ পুৰুষ সন্তান লাভ কৰিবলৈ অধিক আগ্রহী । পৰিসংখ্যা আৰু উদ্বেগজনক । এজন তথা দুই-তিনিজন নহয়, বৰঞ্চ ৮০ শতাংশ ভাৰতীয়ৰ মনোভাব এয়া । এই সকলোবোৰ পৰিয়ালে অন্তত এটি শিশুপুত্র জন্ম হোৱাটো বিচাৰে তেওঁলোকৰ পৰিয়ালত ।

কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা সমীক্ষা কৰা হয়। দায়িত্বত আছিল নেছনেল ফেমিলি হেল্থ ছার্ভে । তেওঁলোকেই এই প্ৰতিবেদন প্রকাশ্যচ আনে । তাত কোৱা হয়, এতিয়াও ভাৰতীয়সকলৰ মনচ এটা বিষয় প্রোথিত হৈ আছে সেয়া হ’ল সন্তান হিচাপে প্রাথমিক পছন্দ পুত্র, কন্যা নহয় !

পৰিয়ালৰ উত্তৰাধিকাৰ আৰু বয়স বাঢ়ি যোৱাৰ পাছত পিতৃ-মাতৃক যত্ন কৰিবলৈ পুত্ৰ বিচাৰে । সমীক্ষাত অনেকেই কয়, ছোৱালীবোৰক সৰুৰ পৰা মানুহ কৰিলেও বিয়াৰ পাছত তেওঁলোক পৰৰ ঘৰত গুচি যায় । তদুপৰি অতিৰিক্ত যৌতুকৰ বোজাটো আছেই ।

যদিও ছোৱালীবোৰৰ ক্ষেত্ৰত ভিন্ন প্রৱণতা দেখা গৈছে । তেওঁলোকে কন্যা সন্তানতেই অধিক আগ্রহ প্ৰকাশ কৰিছে ৷ বিশেষজ্ঞসকলৰ মত, বর্তমান সময়ত নাৰী ক্ষমতায়ন, সাক্ষৰতা, চাকৰিৰ ক্ষেত্র-সকলোতেই মহিলাসকল উন্নয়নৰ আন এক কাৰণ । সমাজবিদসকলৰ একাংশৰ মতে, ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত পিতৃতান্ত্রিক মনোভাব আজিও বিদ্যমান । সেয়ে পিতৃ-মাতৃৰ দায়িত্ব লোৱা, সম্পত্তিৰ অধিকাৰতো ছোৱালীতকৈ অধিক ল’ৰাক প্রাধান্য দিয়া হয় ।

সম্প্রতি ৰাষ্ট্রসংঘৰ তৰফৰ পৰা প্রকাশিত প্ৰতিবেদনত কোৱা হৈছে, দেশৰ জনসংখ্যাত মহিলাই সংখ্যাগৰিষ্ঠ । মানসিকতা আৰু ভাবধাৰাৰ যি চিত্র দেখা গৈছে পৰিসংখ্যাত তাকো উদ্বেগজনক বুলি কৈছিল ৰাষ্ট্রসংঘ‌ই ।

Exit mobile version