গোংগেয়া নৈৰ গৰাখহনীয়াৰ কবলত চিথিলাৰ ঘোপ গাওঁ

বিগত কেবা বছৰধৰি জাহ গৈছে বিঘাই বিঘাই খেতিমাটিৰ লগতে ঘৰদুৱাৰো

19017472 eeba 4db2 a8d7 7339a4986dd8

কোকৰাঝাৰ জিলাত গোংগেয়া নৈৰ গঢ়াখহনীয়াৰ কবলত চিথিলাৰ ঘোপ গাঁও । বিগত কেবাবছৰ ধৰি গাঁওখনৰ কাষেদি বৈ যোৱা গোংগেয়া নৈ খনে গাঁওখনৰ কেবা শতাধিক খেতিমাটি পানীত জাহ যোৱাৰ লগতে বহুতো পৰিয়ালৰ ঘৰমাটিও নৈ খনত জাহ গৈছে যাৰ ফলত গাঁওখনৰ বহুতো লোক এতিয়া গাওঁ এৰি অন্য স্থানলৈ স্থানান্তৰ হ’বলগীয়া হৈছে ।

নৈখনৰ গঢ়াখহনীয়া ৰোধ কৰিবলৈ চৰকাৰলৈ দাবী জনাইছে গাওঁবাসীয়ে। চিথিলাৰ ঘোপ গাঁওখনত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনো গঢ়াখহনীয়াৰ কবলত পৰি এবাৰ ধ্বংশ হোৱাৰ পাছত পুনৰ নিৰ্মান কৰে যদিও এই বেলিও নৈখনে বিদ্যালয়ৰ কাষ চাপিছে ।

কৃষিপ্ৰধান গাওঁখন খেতিৰ ওপৰতে যিহেতু নিৰ্ভৰ কৰে সেই হেতুকে খেতিপথাৰ সমুহ নৈৰ গঢ়াখহনীয়াৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ আহ্বান জনায় গাওঁবাসীয়ে।

Exit mobile version