গোসাঁইগাঁও উপ পঞ্জীয়ন কাৰ্যালয়ৰ কৰ্মচাৰী ৰেজিয়া বেৱাৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ

367411bb 4ab2 40bd 9da7 1a72e6d60f9b

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাধিপতি কাৰ্যালয়ৰ নৈশ চকীদাৰ ৰেজিয়া বেওৱাৰ বিৰুদ্ধে উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি মহকুমা কাৰ্যালয় অধীনস্থ উপ পঞ্জীয়ক কাৰ্যালয়ত নীতি বিৰোধীভাবে এগৰাকী সাধাৰণ নৈশ চকীদাৰ ৰেজিয়া বেওৱাই উক্ত কাৰ্য্যালয়ৰ গুৰুত্বপূৰ্ণ কামখিনি চলাই আহিছে।

বিভিন্ন সময়ত উক্ত কাৰ্য্যালয়ত নৈশ চকীদাৰগৰাকীয়ে সৰ্বসাধাৰণ ৰাইজক হাৰাশাস্তি কৰি উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। লগতে বিভিন্ন সময়ত ৰাইজ বিভিন্ন কৰ্মচাৰী আৰু গোসাঁইগাঁও উকীল সন্থাৰ লগতে জড়িত ব্যক্তিক নানান অজুহাত দেখুৱাই ৰাইজক হাৰাশাস্তিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

গোসাঁইগাঁও উপ পঞ্জীয়ন কাৰ্যালয়ত উপযুক্ত কৰ্মচাৰী নথকাত কাৰ্য্যালয়খনৰ যাবতীয় গুৰুতৰ কামৰ দায়িত্ব দিয়া হৈছে ৰেজিয়া বেওৱা নামৰ এই নৈশ চকীদাগৰাকীক । এই সুযোগ গ্ৰহণ কৰিয়ে ৰেজিয়াই বিভিন্ন অজুহাত দেখুৱাই ৰাইজৰ পৰা সহকাৰী আয়ুক্ত তথা বিভাগটোৰ জ্যৈষ্ঠ সহায়কৰ নামত নিয়মীয়াভাবে মুকলিকৈ ধন সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে।

সম্প্ৰীতি কালি মহম্মদ আলী নামৰ ভাওঁৰাগুৰীৰ এজন বাসিন্দা মাটি পঞ্জীয়ন কৰাৰ বাবে উক্ত কাৰ্য্যালয়ত গোসাঁইগাঁও ন্যায়ালয়ৰ এজন উকীলক লগত লৈ অহাত ৰেজিয়াৰ হাৰাশাস্তিৰ তথা দুৰ্ব্যৱহাৰ সন্মুখীন হয়।ইয়াক লৈ আজি উত্তপ্ত গোসাঁইগাঁও উপ পঞ্জীয়ন কাৰ্যালয়। স্থগিত হয় কাৰ্য্যালয়ৰ কাম। কৰ্মচাৰীগৰাকীক পদচ্যুত কৰাৰ দাবী ভুক্তভোগী ৰাইজৰ।

Exit mobile version