ৰাজীৱ গান্ধীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ছোনিয়া,ৰাহুলৰ

Rajiv Gandhi

“মোৰ দেউতা এজন দূৰদৰ্শী নেতা আছিল যাৰ নীতিয়ে আধুনিক ভাৰতক গঢ় দিয়াত সহায় কৰিছিল। ” দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত পিতৃক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়ত এই কথা জনালে পুত্ৰ ৰাহুল গান্ধীয়ে ।

ADVERTISEMENT

১৯৯১ চনৰ ২১ মে’ত এলটিটিইৰ আত্মঘাতি উগ্ৰপন্থীৰ আক্ৰমণত ৰাজীৱৰ মৃত্যু হয়। চাওঁতে চাওঁতে তিনি দশক পাৰ হৈ গ’ল আজিও সেই ভয়াৱহ আক্ৰমণৰ দুস্মৃতি দেশখনে পাহৰিব পৰা নাই ।

শনিবাৰে ৰাজীৱৰ মৃত্যু বাৰ্ষিকীত ৰাহুল গান্ধী আৰু অন্য কংগ্ৰেছ নেতাসকলৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

শনিবাৰে ৰাহুলে তেওঁৰ পোষ্টত লিখিছে, “মোৰ দেউতা এজন দূৰদৰ্শী নেতা আছিল যাৰ নীতিয়ে আধুনিক ভাৰতক গঢ় দিয়াত সহায় কৰিছিল। ভাৰত এখন প্ৰাচীন দেশ কিন্তু নবীন জাতি। আৰু সৰ্বত্ৰই যুৱক-যুৱতীসকল অধৈৰ্য্য । আমিও অধৈৰ্য্য। মই সৰু আৰু মইও সপোন দেখিছো। মই সপোন দেখিছো যে মানৱ সভ্যতাৰ সেৱাত ভাৰত এখন শক্তিশালী, স্বাৱলম্বী, আত্মনিৰ্ভৰশীল আৰু বিশ্বৰ আগশাৰীৰ দেশ হৈ উঠিছে। মই জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম, অনুপ্ৰেৰণা আৰু সামূহিক সংকল্পৰ জৰিয়তে এই সপোনটো সত্য কৰি তুলিম বুলি আত্মবিশ্বাসী। “

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে শনিবাৰে দিল্লীৰ বীৰভূমত থকা সমাধিক্ষেত্ৰত ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে লিখে, “আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। “

Exit mobile version