ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সভাপতি অনিল কুমাৰ দাস, সাধাৰণ সম্পাদক হেমন্ত কুমাৰ দেউৰী, জিলা সম্পাদক মৃদুল কুমাৰ অধিকাৰী , ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ধনি আলী , ৰূপসী মণ্ডল কমিটিৰ সভাপতি চন্দ্ৰ কান্ত আৰ্য্যকে ধৰি ভালে সংখ্যক নেতা কৰ্মীয়ে জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰত চলি থকা বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে।
ADVERTISEMENT
জনীয়াৰ শওঁপুৰত চলি থকা গৰাখহনীয়া সন্দৰ্ভত বৰপেটাৰ উপায়ুক্ত আৰু বিভাগীয় মন্ত্ৰীক লগ ধৰি গৰাখহনীয়া প্ৰতিৰোধৰ বিষয়ে আলোচনা কৰিব বুলি জনায় বিজেপিৰ নেতা সকলে৷