Food Catastrophe: খাদ্যসংকটৰ মুখত বিশ্ব ! ক’ভিড,জলবায়ু সলনিৰ লগতে দায়ী কিভ-মস্কো সংঘাত

1653105668 hunger 1

খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে বিশ্ব । তাৰ অন্যতম এটা কাৰণ হ’ব পাৰে কিয়েভ-মস্কোৰ সংঘৰ্ষ।বিভিন্ন সমীক্ষাত এই তথ্যবোৰ আহিছে। সমীক্ষাত দাবী কৰিছে যে ২০২০ চনৰ পৰা, ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ বাবে সমগ্ৰ বিশ্বৰ বহুলোকে চাকৰি হেৰুৱাইছে।

ইয়াৰ উপৰিও, কৃষিৰ পৰা বিভিন্ন উদ্যোগলৈ উৎপাদনো হ্ৰাস পাইছে। জলবায়ু পৰিৱৰ্তন আৰু একাধিক প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ কৃষিকাৰ্যত ক্ষতি কৰিছে।

গতিকে গোটেই পৃথিৱীখন ইতিমধ্যে খাদ্য সংকটৰ সম্ভাৱনাত আছে।ক’ভিড পৰিস্হিতিৰ পৰা সামান্য উন্নতিৰ পথলৈ ঘূৰি অহা অৱস্থাতে মস্কোৱে এই বছৰৰ ২৪ ফেব্ৰুৱাৰীত কিভক আঘাত কৰে । আৰু এই বিবাদে সমগ্ৰ বিশ্বতে খাদ্যৰ অভাৱৰ সম্ভাৱনা এখোজ বৃদ্ধি কৰিছে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে।

কিয়েভ-মস্কো সংঘৰ্ষৰ বাবে ইউক্ৰেইনৰ শস্য আৰু তৈলবীজৰ ৰপ্তানি বন্ধ কৰা হয়। ক্ৰেমলিনৰ আক্ৰমণৰ প্ৰতিবাদত বহুতো দেশে ৰাছিয়াৰ পৰা খাদ্যশস্য আমদানি কৰা বন্ধ কৰিছে। বিশ্বৰ প্ৰায় ১২% খাদ্য দুয়োখন দেশে যোগান ধৰে।

বছৰটোৰ আৰম্ভণিতে, ঘেঁহুৰ মূল্য আগৰ তুলনাত ৫৩ শতাংশ বৃদ্ধি পাইছিল। তাপপ্ৰবাহৰ ফলত ভাৰতৰ পৰা ঘেঁহু ৰপ্তানি স্থগিত ৰখাৰ ফলত ১৬ মে’ৰ পাছত বিশ্বৰ বিভিন্ন দেশত ঘেঁহুৰ মূল্য আৰু ছয় শতাংশ বৃদ্ধি পাইছে।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে সতৰ্ক কৰি দিছিল যে “বিশ্বই এক ভয়ংকৰ খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে”। তেওঁ আশংকাও প্ৰকাশ কৰিছিল যে খাদ্যসংকট কেইবা বছৰধৰি চলিব পাৰে।

মানুহৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় মুখ্য খাদ্যৰ মূল্য ব্যাপকভাৱে বৃদ্ধি হোৱাৰ বাবে,ইতিমধ্যেই পৃথিৱীৰ ৪৪কোটিৰ পৰা ১৬০ কোটি লোকৰ দিনে দুমুঠি আহাৰৰ বাবে হাহাকাৰ হৈছে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে। ‘দ্য ইকনমিষ্ট’ত প্ৰকাশ কৰা অনুসৰি আন ২৫ কোটি লোক দুৰ্ভিক্ষৰ সীমাদেখাত উপনীত হৈছে।

এই পৰিস্হিতিত যদি যুদ্ধ চলি থাকে ৰাছিয়া -ইউক্ৰেইনৰ পৰা খাদ্যশস্যৰ সৰবৰাহ কমে, তেতিয়া হ’লে আৰু কেবা কোটিও মানুহ দৰিদ্ৰৰ মুখত পৰিব পাৰে ।সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি, খাদ্যসংকটত ৰেহাই নপৰে শিশুসকলো।

বিশেষজ্ঞসকলৰ অনুমান, ভাৰতত এই খাদ্য সংকটেও যথেষ্ট প্ৰভাৱ পেলাব পাৰে। ২০২১ চনৰ বিশ্ব ক্ষুধা সূচকত, ভাৰত ১১৬ খন দেশৰ ভিতৰত ১০১ তম স্থানত আছে। সৰ্বোপৰি, পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

Exit mobile version