Viral : ৮০ বছৰ বয়সত ডেডলিফ্ট কৰি ভাইৰেল ‘দাদী’ !

1653132427 dadi

বয়স ৮০ বছৰ। মূৰৰ সকলো চুলি বগা, গাৰ ছাল সুতুৰা পৰিছে । তথাপিও মনত অদম্য উৎসাহ আৰু বিশ্বাস । ডেডলিফ্ট কৰি সামাজিক মাধ্যমত তোলপাৰ লগাইছে এগৰাকী’ দাদী’য়ে।

শেহতীয়াকৈ, এটা ভিডিঅ’ ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। প্ৰথমতে ‘পাঞ্জাৱী উদ্যোগ’ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰা, এই ভিডিঅ’টোত দেখা যায় মুকলি ছাডত এখন বিচনা পৰি আছে ।

তাৰ কাষতে শৰীৰচৰ্চাত ব্যস্ত এগৰাকী ৮০ বছৰীয়া ‘জেষ্ঠা’ । ব্যায়ামত প্রচু ঘাম ওলাইছে মহিলাগৰাকীৰ । কৰিছে কঠোৰ ব্যায়াম । জেষ্ঠাগৰাকীয়ে তুলা এই ওজন আনুমানিক ওজন ১০ ৰ পৰা২০ কেজি !

আচলতে,নাতিনীয়ে ধেমেলীয়া কৰি ‘দাদী’ক ‘ফিটনেছ চেলেঞ্জ’ দিছিল। কিন্তু নাতিনীয়েকে সপোনতো ভবা নাছিল যে ৮০ বছৰীয়া তেওঁৰ ‘দাদী’য়ে ভাৰোত্তোলন চেলেঞ্জটো কৰিব পাৰিব।

ভিডিঅ’টোত, দেখা গৈছে, জেষ্ঠাগৰাকীয়ে ভাৰ দাঙি কিছু ছেকেণ্ডৰ বাবে মূৰত ধৰি ৰাখিছিল। তাৰ পাছত তেওঁ হাঁহিলে আৰু তেওঁৰ কাষত থিয় হৈ থকা নাতিনীয়েকক ভাৰতো গতাই দিলে। তেওঁৰ মুখত স্পষ্ট হয় যে এই কামটো তেওঁৰ বাবে কঠিন নহয়।

এই ভিডিঅ’টো এতিয়া তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। এতিয়া ইনষ্টাৰ পৰা টুইটাৰ, ফেচবুকলৈকে – নেটিজেনসকলে কেৱল ‘দাদীৰ’ সাহসক প্ৰশংসাৰে ভৰাই পেলাইছে ।

Exit mobile version