চাউলখোৱা নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত গাঁৱৰ ৰাইজ

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত গাগলমাৰী গাঁৱত চাউলখোৱা নদীৰ তীব্ৰ গৰাখহনীয়াত ময়নাল হক, হাকিম আলী, জহুৰা খাতুনকে ধৰি কে’বাটাও পৰিয়ালৰ ঘৰ-মাটি-ভেটি নদীৰ বুকুত জাঁহ গৈছে ৷

ADVERTISEMENT

২০২০-২১ত ৰাজ্যৰ জলসম্পদ বিভাগে গাঁওখনত মথাউৰি, শ্লুইচ গেট আৰু চাৰিশ মিটাৰ জিঅ’ বেগেৰে বান্ধ নিৰ্মাণৰ বাবে ১৬ কোটি টকা আবন্টন দিছিল যদিও বৰপেটা জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই কামখিনি হৈ নোঠাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

অতি শীঘ্ৰে মথাউৰি নিৰ্মাণকে ধৰি বাকী কাম কৰি দিয়াৰ লগতে চাউলখোৱা নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷

Exit mobile version