চিৰাঙত ডাইনীৰ সন্দেহত আক্ৰমণ এজনক

চিৰাঙত পুনৰ ডাইনী কাণ্ড সংঘটিত হৈছে । চিৰাঙৰ ৰুনিখাতাত সংঘটিত হৈছে ডাইনীকাণ্ড । ৰুনিখাতা থানাৰ অন্তৰ্গত ভুৰতিনালি ৰানিপুৰত সংঘটিত এই ঘটনা ।

ৰানিপুৰ গাঁৱৰ সম্বাৰু বাখলা (নিৰন বাখলা) ৪৮ নামৰ এজন লোকক ডাইনী সন্দেহত আক্ৰমনৰ ঘটনা । ভূটান সীমান্তৰ গাঁওখনত নিশা কে’বাজনীয়া যুৱকৰ দল এটা আহি সম্বাৰু বাখলা নামৰ লোকজনক ধৰি নিয়ে ডাইনী সন্দেহত ।

ৰানিপুৰ ক্লাৱত গৈ মাৰপিট কৰে লোকজনক । ঘটনাৰ সম্ভেদ পাই উপস্থিত হয় আছা, বিৰ্ছা কোমাণ্ডো ফোৰ্চ আৰু আনলাৰ সদস্যসকল । তেওঁলোকেও চম্ভালিব নোৱাৰাত ৰুনিখাতা থানাত খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ডাইনী সন্দেহত আক্ৰমনৰ বলি হোৱা লোকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ।

নিশা তিব্ৰ উত্তেজনাজনক পৰিস্থিতিৰ সৃষ্টি হোৱাত আৰক্ষীয়ে লোকজনক কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । সম্প্ৰতি লোকজন এতিয়া ৰুনিখাতা থানা আৰক্ষীৰ জিম্মাত আছে ।

আক্ৰমন কৰা লোকসকল জনজাতীয় লোক আছিল আৰু আক্ৰমনৰ বলি লোকজন আদীবাসী উৰাউ সম্প্ৰদায়ৰ আছিল । কোনো মতে সাম্প্ৰদায়িক ঘটনাৰ পৰা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । ৰুনিখাতা থানাত আজি দুয়ো পক্ষৰ লোক উপস্থিত হৈ শান্তি আলোচনাৰ লগতে ডাইনী সন্দৰ্ভত সজাগতাৰ সৃষ্টি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ভূটান সীমান্তৰ অতিকে পিছ পৰা অঞ্চল সমূহত বিভিন্ন দিশ পিছ পৰা বাবেই সঘনাই সংঘটিত হয় ডাইনী কাণ্ডৰ দৰে ঘটনা ।

Exit mobile version