দিনটোৰ ৰাশিফল

16503614614344

মেষঃ মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব । সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব । কৰ্মস্থানত আনন্দ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৭ ।

বৃষঃ বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব । বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক । মাতৃৰ শৰীৰ চিন্তা । শুভ ৰং বগা, শুভ সংখ্যা ৩ ।

মিথুনঃ জাতক-জাতিকাসকলে শাৰীৰিক লৈ সাধনা থাকিব । কোনো পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি অমনোযোগ দেখা দিব ।

কৰ্কটঃ দিনটোত মাজে-সময়ে মানসিকভাৱে আপুনি উত্তেজিত হৈ থাকিব । দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবোৰৰ সমাধান হ’ব পাৰে ।

সিংহঃ বিদ্যাৰ্থীৰ মধ্যম । আজি গা ধোৱাৰ পাছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা ঘহি ল’ব । যাত্ৰা শুভ ।‌ প্ৰেমত মধ্যম ।

কন্যাঃ ঘৰুৱা পৰিৱেশ সিমান প্ৰতিকূল নহ’ব । শাৰীৰিক সামান্য উন্নত । পঢ়া-শুনাত থকা সকলে বিশেষ যত্ন কৰক । ব্যৱসায়ত বাধা নাই । প্ৰেমত বেয়া দেখা নাযায় । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

তুলাঃ বিদ্যাৰ্থীসকলৰ সাফল্যৰ হোৱাৰ থাকিলেও বন্ধু-বান্ধৱীৰ পৰা সাৱধান থাকিব । ব্যৱসায়ত ভাল । চাকৰিৰ ক্ষেত্ৰত বাধা ।

বৃশ্চিকঃ সাহসিকতাৰে কৰ্মত আগুৱাৰ চেষ্টা কৰক । কৰ্মক্ষেত্ৰত যোগ্যতা ৰখাৰ চেষ্টা কৰক । খেলিমেলিৰে দিনটো পাৰ হ’ব পাৰে । বিদ্যাত শুভ । উদ্বেগ আদিৰ কিছু সমাধানৰ আশা । শুভ ৰং ক’লা, শুভ সংখ্যা ৬ ।

ধনুঃ দৈনিক কাম-কাজত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি । বিদ্যাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । আজি দিনটো অনামিকা আঙুলিত এটা তামৰ আঙুঠি পিন্ধিব ।

মকৰঃ এই ৰাশিৰ জাতক-জাতিকাই অযথা খৰচ পাতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ব্যৱসায়-বাণিজ্যত গভীৰ মনোনিবেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা ।

কুম্ভঃ আৰ্থিক উন্নতিৰ সুযোগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব । চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযোগ আহিব ।

মীনঃ যান-বাহনৰ পৰা সাৱধান থাকিব । কৰ্মক্ষেত্ৰত বাধা । সন্তানৰ প্ৰতি নজৰ ৰাখিব । বিদ্যাৰ্থীসকলৰ চিন্তা থাকিব ।

Exit mobile version