Aishwarya Rai Bachchan: পুনৰ মাতৃ হ’বলৈ ওলাইছে নেকি ঐশ্বৰ্য ৰায় ?

1930630 aish 1

বিগত কেবা মাহ ধৰি জল্পনাঃ কল্পনা চলি আছে। পুনৰ মাতৃ হ’বলৈ ওলাইছে নেকি ঐশ্বৰ্য ৰায় বচ্চন । সেই খবৰক লৈ অৱশ্যে অভিনেত্ৰীগৰাকীয়ে বৰ্তমানলৈকে কোনো স্পষ্টীকৰণ দিয়া নাই ।

ADVERTISEMENT

এইবাৰ, ‘কাঁ ‘লৈ যোৱাৰ লগে লগে, ৰায়-সুন্দৰীৰ এটা নতুন কথোপকথন আৰম্ভ হৈছে । সেই চর্চাত নিজেই উচতনি দিলে বচ্চন পৰিয়ালৰ বোৱাৰীয়ে।

প্ৰত্যেক বাৰে ‘কাঁ’ ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ঐশ্বৰ্যৰ সাজে । প্ৰতি বছৰে, তাত নতুন ৰূপত সাজু হয় অভিনেত্ৰীগৰাকীয়ে । কেতিয়াবা যদি গাউনত, কেতিয়াবা আকৌ বেঙুনীয়া লিপষ্টিকত, কেতিয়াবা গহনা শৈলীৰে দৃষ্টি আকৰ্ষণ কৰে ঐশ্বৰ্যই ।

তাত যেন এইবাৰ পতন!ফেশ্বন-সচেতন অনুৰাগীসকলৰ দৃষ্টিত আচৰিত ঐশ্বৰ্যৰ সাজ। আৰু তাতেই পুনৰ নতুন জল্পনাৰ সূত্ৰপাত।

ৰায়-সুন্দৰীক ৰেড কাৰ্পেটত দেখি বহুলোকে কৈছে, ঐশ্বৰ্য দ্বিতীয় বাৰৰ বাবে মাতৃ হ’বলৈ গৈ আছে। আৰু তাক ঢাকিবলৈকে এনেকুৱা ধৰণৰ সাজ পৰিধান কৰিছে ! ‘কাঁ’ৰ পৰা উভতি অহাৰ পাছত বাতৰিতো আৰু বিয়পি পৰে ।

ঐশ্বৰ্য সোমবাৰে নিশা স্বামী অভিষেক বচ্চন আৰু জীয়ৰী আৰাধ্যাৰ স’তে মুম্বাইত উপস্থিত হয়। ঢিলা ক’লা টপ, তাৰ ওপৰত প্ৰায় দীঘল হাতৰ জেকেট।

ছবিখনত কোনোৱে লিখিছে ‘দেখি এনে লাগিছে ঐশ্বর্য গর্ভৱতী!’ কোনো এজনে লিখিছে , ‘ভাৰতত কি আজিকালি বেছি ঠাণ্ডা পৰিছে?’ বচ্চনসকলক দেখি এনে লাগিছে দেশত বৰফ পৰিছে !”

Exit mobile version