Parineeti Chopra : মাইনাচ ১২ ডিগ্ৰীত শ্বুট,থৰ থৰকৈ কঁপিছে পৰিণীতি

1653221507 parineeti

এফালে প্ৰচণ্ড ঠাণ্ডা আনফালে শৰীৰত পাতল কাপোৰ। ঠাণ্ডাত কঁপিছে অভিনেত্ৰী পৰিণীতি চোপ্ৰা । দাঁতে দাঁতে লাগি যোৱা প্ৰচণ্ড শীতত শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী।

শ্বুটিঙৰ লোকেচন অতি উচ্চতাৰ পাহাৰৰ উপত্যকাত । মাইনাচ ১২ ডিগ্ৰী উষ্ণতাত নিজৰ শ্বুটিং লোকেচনত অভিনেতা হাৰ্ডি সান্ধুৰ স’তে পৰিণীতি চোপ্ৰা। তেওঁৰো একে অৱস্থা । কপি কপি লাইট- কেমেৰা- এক্সন সমগ্ৰ দায়িত্ব চম্ভালিছিল পৰিচালক সহ গোটেই টিমে

এনে ঠাণ্ডাত প্ৰথমবাৰৰ বাবে দৃশ্যগ্ৰহণ কৰিছে পৰিণীতিয়ে । সেই অভিজ্ঞতা নিজে দাঙি ধৰিলে এটা ধেমেলীয়া ভিডিঅ’ৰ স’তে। ভিভিঅ’টো অনুৰাগীসকলৰ বাবে ইনষ্টাগ্ৰামতো শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে ।

ভিডিঅ’টোত,অভিনেতাজনৰ স’তে ৰৈ থকা পৰিণীতিয়ে বোৰ্খা আৰু জেকেট পিন্ধি কঁপি কঁপি কয়,”মাইনাচ ১২ ডিগ্ৰীত শ্বুটিং ! কিমান ঠাণ্ডা বাবা !

আমি ছেটত পানী খাব পৰা নাই। কাৰণ পানী বৰফ হৈ পৰিছে। গেছ চিলিণ্ডাৰ, ভেন সকলোবোৰ বৰফ হৈ পৰিছে । ফলত, পানী গৰম কৰিব পৰা নাই! আমাৰ পৰিচালকৰ দাড়িও বৰফ হৈ গৈছে! আৰু ইমানবোৰ ঘটনা ঘটি আছে আৰু আমাৰ নায়ক ঘৰত হিটাৰ চলাই গভীৰ নিদ্ৰাত !”‘

কিন্তু পৰিণীতি কিহৰ শ্বুটিঙলৈ গৈছে ? এখন ছবি নে ৱেবচিৰিজ? দৃশ্যগ্ৰহণ ? শ্বুটিঙ হ’লেও ক’ত ?এই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট কৰা নাই!

Exit mobile version