দেশত নিম্নমুখী ক’ভিডৰ গ্ৰাফ ,হ্ৰাস পালে মৃত্যুৰ সংখ্যা

Corona Village

সপ্তাহৰ প্ৰথম দিনটোতে উন্নত ক’ভিড পৰিস্হিতি । বিগত ২৪ ঘণ্টাত, দেশত নতুনকৈ ক’ভিডত আক্ৰান্ত দুহেজা ২২জন ।ক’ভিডৰ ফলত বিগত ২৪ঘণ্টাত মৃত্যু হৈছে ৪৬জন লোক ।যি দেওবাৰৰ তুলনাত যথেষ্ট কম। বৰ্তমান, দেশত দৈনিক পজিটিভ হাৰ হৈছে ০.৬৯ শতাংশ।

স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া পৰিসংখ্যা অনুসৰি, দেশত এদিনতে ২০৯৯ জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে। সুস্থতাৰ হাৰ ৯৮.৭৫ শতাংশ।সক্ৰিয় ৰোগীৰ সংখ্যা এদিনত ১০০ হ্ৰাস পাইছে। বৰ্তমান, দেশত কৰ’নাৰ সক্ৰিয় ঘটনা ১৪ হেজাৰ ৮৩২।

ইফালে, মহামাৰীৰ বিৰুদ্ধে যুঁজত একমাত্ৰ মুখ্য অস্ত্ৰ হৈছে ক’ভিড টিকাকৰণ। দেশত ইতিমধ্যে ১৯২.৩৮ কোটিতকৈও অধিক পালি টিকা প্ৰদান কৰা হৈছে।যোৱা ২৪ ঘণ্টাত, দেশবাসীয়ে চাৰি লাখতকৈও অধিক পালি টিকা প্ৰদান কৰা হৈছে ।

Exit mobile version