ৰামায়ণৰ ‘সীতা’ৰ হাতত সুৰাৰ গ্লাছ ! ফটো পোষ্ট কৰি কটাক্ষৰ সন্মুখীন হ’ল অভিনেত্ৰী দীপিকা চিখলিয়া

Dipika Chikhlia

হাতত এটা গ্লাছ লৈ ফটো পোষ্ট কৰিছিল । তাতেই কটাক্ষৰ চিকাৰ হ’ল অভিনেত্ৰী দীপিকা চিখলিয়া । ৰামায়ণৰ ‘সীতা’ৰ হাতত কি মদৰ গ্লাছ ? এই প্ৰশ্ন উত্থাপন হ’ল অভিনেত্ৰীগৰাকীয়ে বিৰুদ্ধে ।

কুমন্তব্যৰ ফলত ফটোখন ডিলিত কৰিব লগা হ’ল অভিনেত্ৰীগৰাকীয়ে ।

১৯৮০ ৰ দশকত দূৰদৰ্শনৰ পৰ্দাত দেখা গৈছিল ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ (Ramayan)।ধাৰাবাহিকখনত সীতাৰ চৰিত্ৰত অভিনয় কৰি যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল দীপিকা চিখলিয়াই।

তেওঁৰ প্ৰতিচ্ছবি এতিয়াও দৰ্শকৰ মনত ভাঁহি আছে। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বন্ধুবৰ্গৰ স’তে কেইখনমান ফটো পোষ্ট কৰে।

ফটোত তেওঁ চাৰ্ট আৰু স্কাৰ্ট পৰিধান কৰিছিল ৰামায়ণত সীতা খ্যাত অভিনেত্ৰীগৰাকীয়ে । হাতত আছিল পানীয়ৰ গ্লাছ আৰু তাতেই আৰম্ভ হয় বিতৰ্ক ।

দীপিকাৰ এই ছবিখন দেখি নেটিজেনসকলৰ এটা অংশ হতবাক । তেওঁলোকৰ মতে, ‘ৰামায়ণ’ৰ সীতা হোৱা অভিনেত্ৰীগৰাকীয়ে এনে ধৰণৰ পোছাক পৰিধান নকৰে। হাতত থকা পানীয়ৰ গিলাচত সুৰা আছে নেকি?বহুতে এনে ধৰণৰ প্ৰশ্নও সুধিছে।

কুমন্তব্যৰে ভৰি পৰা নিজৰ ফটোখন ইনষ্টাগ্ৰামৰ পৰা ডিলিত কৰে দীপিকাই । কিন্তু তাৰ আগতেই, ছবিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।’ৰামায়ণ’ ধাৰাবাহিকৰ পাছত পৰৱৰ্তী সময়ত কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে দীপিকাই।

Exit mobile version