RBI Alert : অনলাইনত পুৰণি ক‌ইন দিলেই লাখপতি ? সাৱধান ! প্রতাৰণাৰ বলি হ’ব পাৰে আপুনিও

e23cfb58ab32b011ee913cb363d84323 original

RBI Alert For Selling Old Coin: ডিজিটেলাইজেছনৰ যুগত পুৰণি ক‌ইন বা নোট বিক্রী কৰিবলৈ গৈও হ’ব পাৰে প্রতাৰণাৰ বলি । অনলাইনত পুৰণি টকাৰ কথা কৈ বৃহৎ প্রলোভন দেখুৱাই প্রতাৰকসকলে । এবাৰ সেই ফান্দত পৰিলে উধাও হ’ব একাউন্টৰ জমা ৰাশি ।

RBI Alert : কি কয় ৰিজার্ভ বেংকে ?
সম্প্রতি এই সন্দৰ্ভত মুখ খুলিছে ৰিজার্ভ বেংকে । কেন্দ্রীয় বেংকৰ তৰফৰ পৰা জনোৱা হৈছে, কিছুসংখ্যক চাইবাৰ অপৰাধীয়ে পুৰণি ক‌ইন, নোট কিনা-বেচা কৰাৰ নামত আৰবিআই-ৰ নাম ব্যৱহাৰ কৰিছে । জানি ল‌ওক এই সন্দৰ্ভত কি কয় RBI-য়ে ।

RBI Alert : ৰিজার্ভ বেংকৰ নামত প্রতাৰণা

ৰিজার্ভ বেংকে জনাইছে, অনলাইনত আৰবিআই-ৰ নামত পুৰণি ক‌ইন আৰু নোট কিনা-বেচা চলিছে । আৰবিআই-ৰ নামত এই লোকসকলে বিভিন্ন ধৰণৰ কমিছন আৰু মাচুল দাবী কৰে । ৰিজার্ভ বেংকে জনাইছে, অনলাইন বা অফলাইনত পুৰণি নোট বা ক‌ইন ক্ৰয় কৰিবৰ বাবে কোনো মাচুল লোৱা নাই বেংকে । এই বিষয়ত জনগণক সতর্ক থাকিবলৈ কোৱা হৈছে বেংক কর্তৃপক্ষৰ তৰফৰ পৰা ।

RBI Alert : আৰবিআই-য়ে এনেধৰণৰ একো কৰা নাই

ইতিমধ্যেই প্রতাৰকসকলে পুৰণি ক‌ইন বা নোট বিক্রী কৰা বিষয়টো দৃষ্টিত পৰিছে কেন্দ্রীয় বেংকৰ । এই বিষয়ত ৰিজার্ভ বেংকে জনাইছে, কাৰো স’তে এনে কোনো চুক্তি কৰা নাই RBI-য়ে । বেংকে এই ধৰণৰ কোনো মাচুল বা কমিছন বিচৰা নাই । কেন্দ্রীয় বেংকে আৰু কয় যে, এই ধৰণৰ প্রতাৰকসকলক আপোনাৰ ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব ।

Exit mobile version