Sri Lanka Crisis : নাই পেট্রল, পুত্ৰক সময়মতে হাস্পাতালত লৈ যাব নোৱাৰিলে পিতৃয়ে, শ্রীলংকাত মৃত দুদিনৰ শিশু

o4m100fo sri lanka fuel shortage

পেট্রলৰ বাবে হিলদৌল ভাঙি ওলাই আহিছে এজন ব্যক্তি । কাৰণ তেওঁৰ দুদিনীয়া সন্তানৰ শাৰীৰিক অৱস্থা ক্রমে বেয়া হ’ব লৈছে ! সময় মতে হাস্পাতালত গৈ নাপালে বৃহৎ অঘটন ঘটিব । গাড়ী আছে, কিন্তু পেট্রল নাই ! হাস্পাতালত সন্তানক লৈ যাব কেনেদৰে ? সেয়ে কণমান পেট্রলৰ আশাত পাম্পে পাম্পে দৌৰিছে ।

কে’বা ঘণ্টাও পাৰ হৈছে । ইপিনে ঘৰত পৰিয়ালৰ সদস্যসকলে তেওঁৰ অহাৰ অপেক্ষাত আছিল । কেতিয়া পেট্রল আনিব, কেতিয়া সদ্যোজাতক হাস্পাতাললৈ লৈ যাব । কিন্তু, সকলো ঠাইৰ পৰাই হতাশ হৈ উভতি আহিবলগীয়া হৈছে ব্যক্তিজনে । অৱশেষত কোনো প্ৰকাৰে হাস্পাতালত গৈ পোৱা লৈকে সকলো শেষ হৈ গ’ল ।

চিকিৎসকসকলে পৰীক্ষা কৰি জনায়, শিশুটিয়ে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে । চিকিৎসক শানাকা ৰোছন পাথিৰানাই জনাইছে, সময় পাৰ হৈ যোৱাৰ বাবে শিশুটিৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে । শিশুটিৰ পিতৃয়ে যদি সময় মতে এক লিটাৰ পেট্রল পালে হেঁতেন, তেতিয়া হয়তো সময় মতে শিশুটিক হাস্পাতাললৈ লৈ যাব পৰা গ’ল হেঁতেন । শিশুটিক বচোৱা সম্ভৱ হ’ল হেঁতেন । এনে পৰিস্থিতিৰ বাবে দেশেৰ ৰাজনৈতিক পৰিস্থিতিকে দোষাৰোপ কৰিছে চিকিৎসকে ।

ঘটনাটো সংঘটিত হৈছে শ্রীলংকাত । বিগত দুমাহৰো অধিক সময় ধৰি অর্থনৈতিক, ইন্ধন আৰু খাদ্য সংকটত ভুগিছে দ্বীপৰাষ্ট্রখন ।

Exit mobile version