Taiwan : মোতায়েন লক্ষাধিক সেনা, যুদ্ধ জাহাজ ! চীনৰ টাইৱান দখলৰ পৰিকল্পনা ফাদিল ভাইৰেল অডিঅ’ত

1653300788 china

জাপানত চতুর্দেশীয় অক্ষ কোৱাডৰ শীর্ষ বৈঠক চলাকালীনই প্ৰকাশ্যত আহিল টাইৱান দখলৰ চীনা পৰিকল্পনা ! এটা চেনেলত ফাদিল হোৱা অডিঅ’ত (দৈনিক অগ্ৰদূতে ইয়াৰ সত্যতা পৰীক্ষা কৰা নাই) এক দলীয় চীনৰ শাসক কমিউনিষ্ট পার্টি আৰু সেই দেশৰ সেনাকর্তাসকলক টাইৱান দখলৰ পৰিকল্পনাক লৈ আলোচনা কৰা শোনা গৈছে । সংশ্লিষ্ট চেনেলৰ দাবী, চীনা কমিউনিষ্ট পার্টিৰ এজন নেতাই অডিঅ’টো ফাদিল কৰিছে ।

গুৱাংদং প্রদেশৰ গভর্নৰ, কমিউনিষ্ট পার্টিৰ সম্পাদক, চীনা পিপলছ লিবাৰেছন আর্মি (পিএলএ)ৰ মেজৰ জেনেৰেল স্তৰৰ এক সামৰিক কমাণ্ডাৰৰ কথোপকথনত টাইৱান দখলৰ পৰিকল্পনা শোনা গৈছে । ড্র’ন আৰু নৌবাহিনীক সংগঠিত কৰাৰ লগতে টাইৱানৰ ওপৰত দৃষ্টি নিক্ষেপত একাধিক উপগ্রহ ব্যৱহাৰৰ কথাও আহিছে আলোচনাত ।

দ্বীপৰাষ্ট্র টাইৱানৰ নিকটৱর্তী মূল চীনা ভূখণ্ড গুৱাংদং প্রদেশক ভিত্তি কৰিয়ে পিএলএ সামৰিক অভিযানৰ প্রস্তুতি চলাইছে বুলিও কমিউনিষ্ট পার্টি আৰু চীনা সেনাৰ বিষয়াসকলক ফাদিল হোৱা আলোচনাৰ অডিঅ’ৰ পৰা জনা গৈছে । গুৱাংদং প্রদেশত প্রায় এক লাখ ৪০ হেজাৰ সেনা, যুদ্ধ জাহাজসহ বিভিন্ন ধৰণৰ ৯৫৩টা জলযান, বিপুল পৰিমাণে সামৰিক সৰঞ্জাম আৰু ইন্ধন মজুত কৰা হৈছে ।

এই অডিঅ’ প্রকাশ্যত অহাৰ পাছত সোমবাৰে টকিঅ’ত কোৱাড শীর্ষ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কৈছে, ‘‘চীনে আক্ৰমণ কৰিলে আমেৰিকাই সামৰিকভাৱে টাইৱানক ৰক্ষা কৰিব ।’’ প্রসংগত, এই বৈঠকত বাইডেনৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপান আৰু অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী উপস্থিত আছিল ।

বিগত কে’বা মাহ ধৰি টাইৱানৰ ওপৰত চাপ বৃদ্ধি কৰি আছে চীনে । আক্ৰমণৰ সকীয়নিৰ লগতে ধাৰাবাহিকভাৱে চলিছে আকাশ-সীমা লংঘনৰ ঘটনা । স্বশাসিত টাইৱান নিজৰ স্বাধীন অঞ্চল বুলিয়ে ভাবে চীনে । যদিও তেওঁলোকে এতিয়াও চীনৰ মূল ভূখণ্ডৰ পৰা আনুষ্ঠানিকভাৱে স্বাধীনতাৰ কথা ঘোষণা কৰা নাই ।

আনহাতে, বেইজিঙৰ দাবী, টাইৱান অবিচ্ছেদ্য চীনৰ অংশ । চীনৰ ৰাষ্ট্ৰপতি শ্বি ছিনফিঙেও একাধিকবাৰ টাইৱানক ‘সংযুক্ত কৰাৰ’ নীতিৰ কথা ঘোষণা কৰিছে ।

Exit mobile version