চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত অগ্ৰঙত অঘটন ।মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে গাওঁ খনত প্ৰৱেশ কৰি বন্যহস্তীয়ে তাণ্ডৱ চলায় এক নং অগ্ৰং নতুন মাটিত।
ADVERTISEMENT
বন্যহস্তীৰ আক্ৰমণত গাঁওখনৰ অচিন্ত নাৰ্জাৰী ( ৪৩) নামৰ এজন ব্যাক্তি নিহত হয় । প্ৰায়েই অঞ্চলটোত চলে বন্যহস্থিৰ তাণ্ডৱ ।
অঞ্চলটোত বহুলোক ইতিমধ্যে নিহত হোৱাৰ লগতে বিভিন্ন ধৰণৰ ক্ষতি হৈছে। প্ৰতিখন চৰকাৰে এই ক্ষেত্ৰত নিৰ্ব্বাচনৰ পুৰ্বে প্ৰতিশ্ৰুতি দিয়ে বন্যহস্থিৰ সমস্যা সমাধান কৰিব বুলি।কিন্তু নিৰ্ব্বাচনৰ পাছতে জনপ্ৰতিনিধি বা চৰকাৰে পাহৰি যায় সকলো। যাৰ বাবে বছৰ বছৰৰ পৰা অঞ্চলটোৰ লোক সকলৰ ওপৰত বন্য হস্থিৰ তাণ্ডৱ চলি আছিল আৰু আছে।