জিলাৰ নাম পৰিৱৰ্তনৰ প্রতিবাদত অন্ধ্রপ্রদেশত মন্ত্রীৰ বাসগৃহত জুই লগালে ক্ষুব্ধ জনতাই, সান্ধ্য আইন জাৰি

Konaseema Violence

কোনাছিমা জিলাৰ নাম পৰিৱৰ্তনক লৈ উত্তপ্ত অন্ধ্রপ্রদেশ (Andhra Pradesh) । পৰিস্থিতি ইমানেই অশান্ত হয় যে, ৰাজ্যৰ পৰিবহণ মন্ত্রী পিনিপে বিশ্বৰূপৰ বাসগৃহৰ সন্মুখত জুই লগাই দিয়ে উত্তেজিত জনতাই । জুই লগোৱা হয় বিধায়কৰ বাসগৃহতো । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হয় কোনাছিমাৰ (Konaseema) অমালাপুৰম চহৰত । সান্ধ্য আইন জাৰি কৰা হয় অঞ্চলটোত । অৱশ্যে সম্প্ৰতি অঞ্চলত শান্তি স্থাপন কৰা সম্ভৱ হৈছে বুলি খবৰ ।

কি হৈছিল ? জিলাৰ নাম পৰিৱৰ্তনৰ প্রতিবাদত ডিষ্ট্রিক্ট কালেক্টৰৰ বাসগৃহত জোৰ কৰি প্ৰৱেশ কৰাৰ চেষ্টা কৰে প্রতিবাদকাৰীসকলে । ইয়াৰ পাছতেই তেওঁলোকৰ ওপৰত আৰক্ষীয়ে লাঠিচার্জ কৰে । আনকি তেওঁলোকৰ ছত্রভংগ কৰিবলৈ শূন্যত গুলি চালনা কৰে আৰক্ষীয়ে । এই ঘটনাৰ পাছতেই আৰু উত্তেজিত হৈ পৰে প্রতিবাদকাৰীসকল । আৰক্ষীক লক্ষ্য কৰি উলোটাই ইটা দলিয়ায় তেওঁলোকে । ইয়াৰ পাছতে বিধায়ক (Andhra Pradesh MLA) পি সতীশৰ বাসগৃহত জুই লগাই দিয়ে প্রতিবাদীসকলে ।

ঘটনাৰ সূত্রপাত হয় মে’ৰ আৰম্ভণিতে । অন্ধ্রপ্রদেশ চৰকাৰে ৰাজ্যত নতুনকৈ ১৩টা জিলা গঠনল কথা ঘোষণা কৰে । তাৰে ভিতৰত আছিল তফছিলি জাতি অধ্যুষিত কোনাছিমা জিলাও । চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হয়, ড. বি আৰ আম্বেদকৰৰ নামানুসাৰে এই জিলাৰ নামকৰণ কৰা হ’ব । জিলাৰ বাসিন্দাসকলৰ অধিকাংশই তফছিলি জাতিৰ প্রতিনিধি হোৱাৰ বাবে এই সিদ্ধান্ত বুলি জনাইছে চৰকাৰে ।

এই ঘোষণাৰ পাছতেই প্রতিবাদত (Andhra Pradesh Clash) নামে কোনাছিমা জিলাল বাসিন্দাসকল । তেওঁলোকৰ মতে, এই জিলাৰ নাম পৰিৱৰ্তন কৰা নহ’ব । কেৰালাৰ বেকৱাটাৰৰ স’তে তুলনা কৰা হয় এই অঞ্চলৰো । পর্যটকসকলৰো অত্যন্ত জনপ্রিয় এই জিলা । ইয়াৰ উপৰি এই নামৰ স’তে আঞ্চলিক ইতিহাস জড়িত হৈ পৰিছে । পূৱ গোদাবৰী জিলাৰ কিছু অংশক লৈ গঠিত হৈছে এই নতুন জিলা ।

এই ঘটনাত বিৰোধী দলৰ দিশে আঙুল তুৱাইছে মন্ত্রী বিশ্বৰূপে । তেওঁ কয়, “তেলেগু দেশম পার্টিৰ উচতনিতেই এই ধৰণৰ হিংসাত্মক ঘটনা ঘটিছে । জিলাৰ তফছিলি জাতিৰ প্রতিনিধিসকলৰ প্ৰতি লক্ষ্য ৰাখিয়ে নামকৰণৰ সিদ্ধান্ত লোৱা হৈছে ।” উলোটাই বিৰোধী দলবোৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত বাবে চৰকাৰকে দোষাৰোপ কৰিছে ।

Exit mobile version