Mangaluru Masque Row : জুম্মা মছজিদৰ তলত আছে মন্দিৰৰ কাঠামো ! অশান্তিৰ শংকাত জাৰি ধাৰা ১৪৪

376685 5

বাৰাণসীৰ জ্ঞানবাপী মছজিদৰ পাছত এইবাৰ বিতর্কৰ কেন্দ্রত কর্ণাটকৰ মেংগালুৰুৰ এটা জুম্মা মছজিদ । ৰাজ্যৰ এক হিন্দু সংঠনৰ দাবী, মেংগালুৰুৰ মালালি জুম্মা মছজিদৰ তলত এটা মন্দিৰৰ দৰে কাঠামোৰ অস্তিত্ব পোৱা গৈছে । মছজিদৰ কাষত এটা ধর্মীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে এই সংগঠনটোৱে ।

বিগত কে’বাদিনো ধৰি ইয়াকে লৈ অঞ্চলটোত উত্তেজনা সৃষ্টি হোৱাত এই মছজিদৰ চাৰিওপাশৰ ৫০০ মিটাৰ অঞ্চলজুৰি ১৪৪ ধাৰা জাৰি কৰিলে স্থানীয় প্রশাসনে । বিশাল সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে ।

কেনেদৰে এনেধৰণৰ এটা বিষয় প্রকাশ্যত আহিল ? হিন্দু সংগঠনবোৰৰ দাবী, মালালি জুম্মা মছজিদৰ মেৰামতিৰ সময়ত তাৰ ভেটিৰ পৰা মন্দিৰৰ দৰে এটা কাঠামো পোৱা গৈছে । ইয়াকে লৈ বিশ্ব হিন্দু পৰিষদে জিলা প্রশাসনক দাবী জনাইছে, বিষয়টো নিস্পত্তি নোহোৱা পৰ্যন্ত মছজিদ মেৰামতিৰ কাম বন্ধ ৰখা হওক । ইয়াক লৈ ৰাম মন্দিল আন্দোলনৰ দৰে আন্দোলন গঢ়ি তোলাৰ সকীয়নি দিছে ভিএইচপি-য়ে ।

ভিএইইচপিৰ দাবী, অঞ্চলটোৰ হিন্দুসকলে বিশ্বাস কৰে মালালি মন্দিৰস্থলত নিঃসন্দেহে এটা মন্দিৰ আছিল । এই মন্দিৰ উদ্ধাৰত আইনী যুঁজ চলিব । লগতে মছজিদৰ কাষত এটা ধর্মীয় অনুষ্ঠানো কৰা হ’ব ।

Exit mobile version