২০ দেশত ২৩৭ লোক আক্রান্ত হ’ল ‘মংকী পক্স’ত

monkeypox spread scientists

কৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে বিশ্বৰ বিভিন্ন দেশত নতুন আতংকৰ সৃষ্টি কৰিছে ‘মংকী পক্স’ ভাইৰাছৰ সংক্রমণে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি অষ্ট্রেলিয়া, বেলজিয়াম, কানাডা, ফ্রান্স, জার্মানী, ইটালী, নেদাৰলেণ্ডছ, পর্তুগাল, স্পেইন, ছুইডেন, ব্ৰিটেইন আৰু আমেৰিকাৰ পাছত এইবাৰ সংযুক্ত আৰবতো ‘মংকী পক্স’ৰ সংক্ৰমণ ধৰা পৰিল।

ADVERTISEMENT

পর্তুগালতো একাধিক লোকৰ শৰীৰত ‘মংকী পক্স’ৰ সংক্ৰমণ ধৰা পৰিছে যদিও বিশেষজ্ঞৰ মতে, এই সংক্ৰমণ গুৰুতৰ নহয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বৰ্তমানলৈকে বিশ্বৰ ২০ খন দেশত ‘মংকী পক্স’ সংক্রমণ ধৰা পৰিছে আৰু ২৩৭ সন্দেহজনক আক্রান্তক চিনাক্ত কৰা হৈছে।

ইংলণ্ডত মঙলবাৰে নতুনকৈ ১৪ জন ৰোগীক চিনাক্ত কৰা হৈছিল।

Exit mobile version