ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা ৫০ হেজাৰ পিপিই কীট ?

দ্য ক্ৰছ কাৰেণ্ট (The Cross Current) আৰু হি ৰাইট সংবাদ প্ৰতিষ্ঠান দুটাৰ প্ৰতিবেদনে খলকনিৰ সৃষ্টি কৰিছে ৰাজ্যৰ ৰাজনীতিত । ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চীনৰ পৰা পিপিই কীট ক্ৰয় কৰা বুলি সদৰী কৰিছিল । কিন্তু তাৰ দুবছৰ পাছত দ্য ক্ৰছ কাৰেণ্টে দাখিল কৰা আৰ টি আই আবেদনৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে চীনৰ পৰা পিপিই কীটেই নহয়, কোনো সামগ্ৰীয়েই ক্ৰয় কৰা নাই । এই বাতৰি দ্য ক্ৰছ কাৰেণ্ট আৰু হি ৰাইটত প্ৰকাশ পোৱাৰ পাছতেই সৰৱ হৈছে ৰাজ্যৰ বিৰোধী দলসমূহ ।

এই সন্দৰ্ভত আজি ৰাইজৰ দলে এক সংবাদমেল সম্বোধন কৰি প্ৰশ্ন কৰে যে ক’ভিড বিৰোধী যুঁজৰ নামত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ ৰাইজক পিপিই কীট ক্ৰয় কৰাৰ নামত প্ৰতাৰণা কৰিছিল নেকি ? কাৰণ, হিমন্ত বিশ্ব শৰ্মাই মাজনিশা নিজেই বিমানবন্দৰত উপস্থিত হৈ পিপিই কীট সংগ্ৰহ কৰিছিল আৰু তেওঁ দাবী কৰিছিল যে অসমেই হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য যি চীনৰ পৰা পিপিই কীট সংগ্ৰহ কৰিছে ।

সমান্তৰালভাৱে ক’ভিডৰ সময়ত অসম আৰোগ্য নিধিৰ নামত ৰাইজৰ পৰা সংগ্ৰহ কৰা অৰ্থ মুখ্যমন্ত্ৰী শৰ্মাই ক’ত, কেনেকৈ ব্যৱহাৰ কৰিলে তাৰো হিচাপ দিয়ক বুলি দাবী কৰিছে বিৰোধী দলটোৱে ।

Exit mobile version