নতুন শিক্ষানীতি বাতিলৰ দাবী ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰ

আজি ২৭ মে’ সৰ্বভাৰতীয় দাবী দিৱস । সেইমৰ্মে ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰ সদস্যসকলে ৰাজ্য চৰকাৰৰ ওচৰত আঠ দফীয়া দাবী জনা‌য় ।

দাবীসমূহ হৈছে :

১) পিএফ‌আৰডিএ বাতিল । ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ পৰিৱৰ্তে (এনপিএছ-ডিফাইণ্ড কণ্ট্ৰিবিউটৰী পেন্সন স্কিম) পুৰণি পেন্সন আঁচনি (ডিফাইণ্ড বেনিফিট পেন্সন স্কিম) পুনৰ প্ৰৱৰ্তন কৰা ।

২) ৱৰ্কচাৰ্জ, মাষ্টাৰোল তথা ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা । খালী পদসমূহ বিধি অনুযায়ী পূৰণ কৰা ।

৩) সংবিধানৰ ৩১০,৩১১ (২) (A) (B) (C) অনুচ্ছেদ বাতিল কৰা ।

৪) নতুন শিক্ষানীতি বাতিল কৰা ।

৫) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণ বন্ধ কৰা । চৰকাৰী বিভাগসমূহৰ আকাৰ বৃদ্ধি কৰা ।

৬) চৰকাৰী কৰ্মচাৰীৰ ইউনিয়নৰ অধিকাৰ সুনিশ্চিত কৰা ।

৭) মাতৃভাষাৰ বন্ধ কৰা প্ৰাদেশিকৃত বিদ্যালয়সমূহ পুনৰ খোলাৰ ব্যৱস্থা কৰা ।

৮) মূল্যবৃদ্ধি ৰোধ কৰা । সাৰ্বজনীন বিতৰণ ব্যৱস্থা উন্নত কৰা ।

Exit mobile version