১০-১২ জুনত ভৱানীপুৰৰ মাহতলীহাটীত ২২ সংখ্যক পালনাম মহোৎসৱৰ আয়োজন

maxresdefault 3

ভৱানীপুৰৰ মাহতলীহাটী নামঘৰস্থলীত অহা ১০, ১১ আৰু ১২ জুনত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২ সংখ্যক পালনাম মহোৎসৱৰ আয়োজন কৰা হৈছে ।মাহতলীহাটীৰ গঞা ৰাইজৰ উদ্যেগত উদযাপন হ’বলগীয়া তিনিদিনীয়া পালনাম মহোৎসৱৰ ১০ জুনত দিনৰ ন বজাৰ পৰা মাহতলীহাটী গাঁৱৰ ৰাইজৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰা হ’ব ।

সন্ধিয়া ছয় বজাত বন্তি প্ৰজ্বলন আৰু সাত বজাৰ পৰা গৰখীয়া নাম কাৰ্যসূচী ৰূপায়িত হ’ব । ১১ জুনত পুৱা চাৰি বজাৰ পৰা প্ৰভাত ফেৰী, ছয় বজাৰ পৰা ভৱানীপুৰ অঞ্চলত ভাগৱত ভ্ৰমণ কৰা হ’ব । দিনৰ ন বজাত ১২ ঘণ্টীয়া অখণ্ড পালনাম স্থাপন কৰিব বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে ।

নিশা ন বজাত অখণ্ড পালনামৰ সামৰণি পৰিব । ১২ জুনত সন্ধিয়া ছয় বজাৰ পৰা থিয়নাম পৰিবেশনৰ আয়োজন কৰা হৈছে ।

Exit mobile version