Aryan Khan : মাদক গোচৰত শ্বাহৰুখ-পুত্রক ক্লিনচিট দিলে এনচিবি-য়ে

Aryan Khan 1653640482696 1653640482922

মাদক গোচৰত শ্বাহৰুখ-পুত্র আৰিয়ন খানক (Aryan Khan) ক্লিনচিট দিলে নাৰকটিক্স কন্ট্র’ল ব্যুৰ’ই (NCB) । আৰিয়নসহ ছজনক ক্লিনচিট দিয়া হৈছে । ছহেজাৰ পৃষ্ঠাৰ চার্জশ্বিটত নাম নাই আৰিয়ন খানৰ (Aryan Khan) । তেওঁলোকৰ বিৰুদ্ধে মাদক-যোগৰ কোনো প্রমাণ পোৱা নাই বুলি সূত্রৰ খবৰ ।

বিগত বৰ্ষত মুম্বাইৰ এটা বিলাসবহুল ক্রুজত অভিযান চলায় নাৰকটিক্স কন্ট্র’ল ব্যুৰ’ই (NCB)‌ । মাদক যোগৰ অভিযোগত তাৰ পৰা আৰিয়ন খানসহ (Aryan Khan) কে’বাজনকো গ্রেপ্তাৰ কৰে কেন্দ্রীয় সংস্থাটোৱে । আর্থাৰ ৰোড জেলত আছিল শ্বাহৰুখ-পুত্র । দীর্ঘ আইনী যুঁজৰ তিনি সপ্তাহৰ পাছত কাৰাগাৰৰ পৰা মুক্ত হয় আৰিয়ন খান (Aryan Khan) ।

নাৰকটিক্স কন্ট্র’ল ব্যুৰ’ৰ (NCB) তৰফৰ পৰা প্রথমে অভিযোগ কৰা হৈছিল যে, শ্বাহৰুখ-পুত্র‌ই নিয়মিত মাদক সেৱন আৰু সৰবৰাহ কৰে । স্বভাৱিকভাৱেই আদালতত এই অভিযোগ অস্বীকাৰ কৰে আৰিয়ন খান (Aryan Khan) আৰু তেওঁৰ অধিবক্তাই । অৱশ্যে শুকুৰবাৰে আদালতত দাখিল কৰা ছহেজাৰ পৃষ্ঠাৰ চার্জশ্বিতট নাম নাই আৰিয়নৰ ।

Exit mobile version