COVID-19 : ক’ভিড আপডেট

Covid kerala 3

দৈনিক কৰ’না সংক্রমণ পুনৰ ঊর্ধ্বমুখী । ২৪ ঘণ্টাত দেশত ২৭১০ জন কৰ’না আক্রান্ত হ’ল । বৃদ্ধি পালে ভাৰতৰ মুঠ কৰ’না ৰোগীৰ সংখ্যাও । সম্প্ৰতি দেশত ১৫৮১৪ জন কৰ’না ৰোগী আছে বুলি জনাইছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে, যি আগৰ দিনৰ তুলনাত চাৰিশ অধিক ।

চলিত সপ্তাহত কৰ’না আক্রান্তৰ হাৰ আছিল ০.৫২ শতাংশ । শুকুৰবাৰৰ পৰিসংখ্যা অনুযায়ী সংক্রমণৰ হাৰ অর্থাৎ মুঠ কৰ’না পৰীক্ষাৰ নিৰিখত আক্রান্তৰ অনুপাত বাঢ়িছে ।

বিগত ২৪ ঘণ্টাত ১৪ জনৰ মৃত্যু হৈছে দেশত । ইয়াৰ ভিতৰত কেৰালাৰ অনথিভুক্ত ১২টা মৃত্যু আছে ।

এদিনত দেশত কৰ’নামুক্ত হৈছে ২২৯৬ জন । এদিনত সংক্রমণৰ হিচাপত প্ৰথম নম্বৰত আছে কেৰালা । তাৰ পাছত যথাক্রমে মহাৰাষ্ট্র আৰু দিল্লী আছে দ্বিতীয় আৰু তৃতীয় স্থানত ।

Exit mobile version