Russia-Ukraine War : ৰুছ সেনাৰ লক্ষ্য এইবাৰ ছিভেৰ’ড’নেৎস্ক, আক্ৰমণত নিহত সহস্ৰাধিক চহৰবাসী

RussiaTank

মাৰিয়ুপ’ল, বুচাৰ পাছত এইবাৰ ছিভেৰ’ড’নেৎস্ক । পুনৰ ইউক্রেইনত সাধাৰণ নাগৰিকৰ হত্যাৰ অভিযোগ উঠিল আক্ৰমণকাৰী ৰুছ সেনাৰ বিৰুদ্ধে । পূৱ ইউক্রেইনৰ লুহানস্ক অঞ্চলৰ এই চহৰৰ মেয়ৰ আলেকজণ্ডাৰ ষ্টাইউকে জনাইছে, বিগত তিনি সপ্তাহৰ যুদ্ধত তাত ডেৰ হেজাৰৰো অধিক অসামৰিক নাগৰিকৰ মৃত্যু হৈছে । ৰুছ বাহিনীৰ ধাৰাবাহিক গোলা আৰু ক্ষেপণাস্ত্র বর্ষণৰ ফলত চহৰৰ ৬০ শতাংশই ধ্বংস হৈছে বুলি তেওঁৰ অভিযোগ ।

ষ্টাইউকে কয়, ‘‘এতিয়াও ১২-১৩ হেজাৰ অসামৰিক নাগৰিক আবদ্ধ হৈ আছে চহৰত । তেওঁলোকৰ নিৰাপত্তাক লৈ আমি শংকিত ।’’ এনে পৰিস্থিতিত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে বৃহস্পতিবাৰে পশ্চিমী দেশক মাল্টিপল ৰকেট ছিষ্টেমসহ ভাৰি অস্ত্রশস্ত্র প্ৰেৰণ কৰাৰ আবেদন জনাইছে । তেওঁ কয়, ‘‘খাৰকিভ আৰু ডনবাস অঞ্চলজুৰি তাণ্ডৱ চলাইছে ৰুছ সেনাই ।’’

যোৱা ২৪ ফেব্রুৱাৰীত ইউক্রেইনত সামৰিক অভিযান ঘোষণাৰ আগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিল পুটিনে ড’নেৎস্ক আৰু লুহানস্ক অঞ্চলক স্বাধীন ৰাষ্ট্র হিচাপে স্বীকৃতি দিছিল । কিভ আৰু খাৰকিভত ইউক্রেইন সেনাৰ প্রত্যাঘাতত পিছুৱাই অহাৰ পাছত যোৱা ছয় মে’ৰ পৰা লুহানস্ক দখলৰ বাবে নতুনকৈ অভিযানত নেমিছে ৰুছ সেনাৰ চাৰি আৰু ১৩ নম্বৰ টেংক ৰেজিমেন্ট ।

লগতে, ৪২৩ মর্টাৰ ৰেজিমেন্ট আৰু চেচেনিয়াৰ মিলিশিয়া নেতা ৰমজান কাদিৰভৰ বাহিনী আছে বুলিও পশ্চিমীয়া সংবাদমাধ্যমৰ দাবী । বুচা আৰু মাৰিয়ুপ’লৰ গণহত্যাটো ৰাষ্ট্ৰপতি পুটিনে প্ৰেৰণ কৰা চেচেন যোদ্ধাৰ ‘ভূমিকা’ প্ৰকাশ্যত আহিছে আগতে ।

Exit mobile version