মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য বৰপেটা জিলা যুৱ কংগ্ৰেছ মুখপাত্ৰ ৰুহুল আমিনৰ

download 1 8

ড৹ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আৰু গৃহ দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰিছে তেতিয়াৰ পৰাই ৰাজ্যত আইনৰ বিপৰীতে পুলিচৰ শাসন চলিছে৷ বটদ্ৰৱা আৰক্ষী জ্বলাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ এনেদৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় বৰপেটা জিলা যুৱ কংগ্ৰেছ মুখপাত্ৰ ৰুহুল আমিনে৷

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটা জনগোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে আন এটা জনগোষ্ঠীক আক্ৰমণ কৰি আহিছে বুলিও বিস্ফোৰক মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ৷ বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া কাৰ্যক গৰিহণা দিয়াৰ লগতে বুলড’জা লগাই দোষীৰ ঘৰ ভাঙি দিয়াটো মানৱ অধিকাৰ উলঙ্গা কৰা বুলি দোহাৰে৷

ৰাজ্যৰ আইল শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত গৃহ দপ্তৰৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী আৰু গৃহ দপ্তৰৰ পৰা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাইছে বৰপেটাৰ যুৱ কংগ্ৰেছৰ মুখপাত্ৰ ৰুহুল আমিনে ৷

Exit mobile version