Viral :বাৰ্মুডা ট্ৰাইঙগোলত জাহাজ হেৰালেই যাত্ৰীসকলক ঘূৰাই দিয়া হ’ব সম্পূৰ্ণ টকা ! প্ৰস্তাৱ ক্ৰুজ কোম্পানীৰ

1653716771 barmuda

বাৰ্মুডা ট্ৰাইঙগোল। এই নামৰ স’তেই জড়িত আছে বহুতো ৰহস্যময় কাহিনী । আজিও এই ঠাইখনত আছে ৰহস্য। এই ঠাইলৈ গ’লে আৰু ৰক্ষা নাই ! কিমান জাহাজ, বিমান বা এই ঠাইখনে গিলিছে ?

এইবাৰ,সেই বাৰ্মুডা ট্ৰাইঙগোললৈ ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে ক্ৰুজ কোম্পানী নৰৱেজিয়ান প্ৰাইমা লাইনাৰ । দুদিনীয়া ভ্ৰমণৰ বাবে প্ৰতিজন যাত্ৰীয়ে ১,৪৫০ পাউণ্ড (ভাৰতীয় মুদ্ৰাত এক লাখ ৪০ হেজাৰ টকা) ব্যয় হয়।

লগতে কোম্পানীটোয়ে এটা প্ৰস্তাৱো দিছে। যদি তেওঁলোকৰ জাহাজ বাৰ্মুডা ট্ৰাইঙগোলত নিখোজ হয় , তেতিয়া হ’লে প্ৰতিজন যাত্ৰীক তেওঁলোকৰ ভ্ৰমণ ব্যয় সম্পূৰ্ণৰূপে ঘূৰাই দিয়া হ’ব।

প্ৰাইমা লাইনাৰে তেওঁলোকৰ ৱেবছাইটত লিখিছে, “বাৰ্মুডা ট্ৰাইঙগোলৰ এই ভ্ৰমণত হেৰাই যোৱাৰ কোনো ভয় নাই। সেই ঠাইৰ পৰা ব্যক্তিগতভাৱে ঘূৰি অহাৰ বাবে ১০০ শতাংশ গেৰাণ্টি দিয়া হৈছে। যদি তেওঁলোকে ঘূৰি আহিব নোৱাৰে, যাত্ৰীসকলক সম্পূৰ্ণ টকা ঘূৰাই দিয়া হ’ব। কিন্তু এটক আশ্বাস দিব , হেৰাই যোৱাৰ কোনো ভয় নাই। ‘

কিন্তু এতিয়া এতিয়াই প্ৰশ্ন উত্থাপন হৈছে । যদি জাহাজখন যিকোনো প্ৰকাৰে হেৰাই যায়,তেনেহ’লে টকা ঘূৰাই লবলৈ কোন যাত্ৰী আহিব ?

২০১৭ চনত, অষ্ট্ৰেলিয়াৰ বিজ্ঞানী কাৰ্লেচ ক্ৰোজেলনিকিয়ে দাবী কৰিছে,বাৰ্মুডা ট্ৰাইঙগোলৰ ৰহস্য উন্মোচন কৰা হৈছে । তেওঁ এটা আন্তৰ্জাতিক সংবাদ মাধ্যমক জনাই যে কোনো ৰহস্য নাই যাক সমাধান কৰিব লাগিব। প্ৰকৃততে যি ঘটিছে বা হৈ আছে সেয়া মানুহৰ ত্ৰুটি আৰু বেয়া বতৰৰ বাবে হৈছে।

Exit mobile version