বিজেপি-আৰএছএছৰ বহু আগত আহিছিল মোগল, হিন্দুত্ববাদীসকলক হুংকাৰ ৱেইছিৰ

owaisi 1653786096

ভাৰত বাল চাহেব ঠাকৰেৰ (Bal Thackeray) বা নৰেন্দ্র মোদীৰ (Narendara Modi) নহয় । এই দেশ দ্রাবিড় আৰু আদিবাসী সম্প্রদায়ৰ । শনিবাৰে মহাৰাষ্ট্রৰ (Maharashtra) এটা জনসভাত নিজৰ বক্তব্যত এই দাবী কৰিলে এআইএমআইএম (AIMIM) প্রধান আছাদউদ্দিন ৱেইছিয়ে (Asaduddin Owaisi) । বিজেপি (BJP) আৰু আৰএছএছক (RSS) কটাক্ষ কৰি ৱেইছিয়ে কয়, বিজেপি-আৰএছএছৰ বহু আগত আহিছিল মোগলসকল ।

গেৰুৱা শিবিৰে দেশত বৈদিক ভাৰতীয় সংস্কৃতি ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ । তেওঁলোকৰ বক্তব্য, মোগলসকল বিদেশী । তেওঁলোকে বৈদিক ভাৰতীয় সংস্কৃতিৰ ক্ষতি কৰিছে, একেই পথ অনুসৰণ কৰিছিল ইংৰাজসকলে । বিৰোধীসকলৰ বক্তব্য, মোদী চৰকাৰেও হিন্দুত্বৰ পথেই অৱলম্বন কৰিছে । তেওঁলোক ক্ষমতাত থাকিলে ভৱিষ্যতে হিন্দু ৰাষ্ট্র ঘোষিত হ’ব ।

উল্লেখ্য, কিছুদিন আগতেই বৈদিক শিক্ষাৰ প্রচাৰ আৰু প্রসাৰচ বেদ-ভিত্তিক শিক্ষা বোর্ড (Veda-based Education Board) গঠনৰ সিদ্ধান্ত লৈছে কেন্দ্রৰ শিক্ষা মন্ত্রণালয়ে । সম্প্রতি ‘মন কি বাত’ অনুষ্ঠানত বৈদিক শিক্ষাৰ পক্ষপাতিত্ব কৰে প্রধানমন্ত্রীয়ে । এনে পৰিস্থিতিত মহাৰাষ্ট্রৰ এটা সভাত এআইএমআইএম প্রধান আছাদউদ্দিন ৱেইছিয়ে কয়, “ঠাকৰে, মোদী-অমিত শ্বাহ, আনকি ভাৰত আমাৰো নহয় । যদি কাৰোবাৰ হয় সেয়া কেৱল দ্রাবিড় আৰু আদিবাসী সম্প্রদায়ৰ । বিজেপি-আৰএছএছ আহিছে মোগলৰ বহু পিছত ।” ৱেইছিয়ে আৰু কয়, “ইতিহাসৰ পথ অৱলম্বন কৰি আফ্রিকা, ইৰান, মধ্য এছিয়া আৰু পূৱ এছিয়াৰ লোকে এই দেশত অহাৰ পাছতেই আজিৰ ভাৰত গঢ়ি উঠে ।”

ইয়াৰ উপৰি আজি নবাব মালিকৰ গ্রেপ্তাৰীক লৈ এনচিপি (NCP) নেতা শৰদ পাৱাৰক (Sharad pawar) প্রশ্ন কৰে, শিৱ সেনা সাংসদ সঞ্জয় ৰাৱতৰ সময়ত পাৱাৰে যি কৰিছিল, সেয়া মালিকৰ ক্ষেত্রত কিয় নকৰিলে ? ৱেইছিৰ বক্তব্য, মুছলিম হোৱাৰ বাবে পাৱাৰে মালিকক সহায় কৰা নাছিল ।

এআইএমআইএম প্রধানৰ কটাক্ষ, “বিজেপি, এনচিপি, কংগ্রেছ, এছপি ধর্মনিৰপেক্ষ দল ! তেওঁলোকৰ কোনেও কেতিয়াও কাৰাগাৰত যাব নোৱাৰে, অৱশ্যে মুছলিম সদস্য হ’লে যাব‌ও পাৰে । এনচিপি প্রধান শৰদ পাৱাৰে মোদীৰ স’তে দেখা কৰি সঞ্জয় ৰাৱতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে । ম‌ই এনচিপি কর্মীসকলৰ পৰা জানিব বিচাৰো, পাৱাৰে নবাব মালিকৰ সময়ত একেই কাম কিয় নকৰিলে ?”

Exit mobile version