সামাজিক মাধ্যমত ফটো দিলেই আহে অসংখ্য বিয়াৰ প্ৰস্তাৱ ! কোন এই ‘সুদৰ্শন’ আইএএছ বিষয়া

1653809711 new project 2022 05 29t120438 601

কিছুমানে কয়, “দেশৰ আটাইতকৈ সুন্দৰ আইএএছ বিষয়া”। কোনোবাই আকৌ সামাজিক মাধ্যমত দিছে বিবাহৰ প্ৰস্তাৱ ! ইনষ্টাগ্ৰামত এখন ফটো পোষ্ট কৰাৰ পাছতেই ভাইৰেল হৈ পৰিল এজন আইএএছ বিষয়া আতহাৰ আমিৰ খান ।

বৰ্তমান শ্ৰীনগৰ পৌৰ নিগমৰ আয়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আতহাৰ ২০১৫ চনত ইউপিএছচি পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিছিল।

সদায় প্ৰতিভাশালী বুলি জনাজাত অনন্তনাগৰ বাসিন্দা আইএএছ বিষয়াগৰাকীয়ে ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আগতে হিমাচল প্ৰদেশৰ আইআইটি মাণ্ডিৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক অধ্যয়ন কৰিছিল।

তেওঁৰ বৰ্তমান বিবাহ বিচ্ছেদ হৈছে। তেওঁ কেবাবছৰমান আগতে আন এজন আইএএছ বিষয়া টিনা ডেভিৰ স’তে বিবাহপাশত আৱদ্ধ হয় । টিনাই ও সেই বছৰতে পৰীক্ষাত উত্তীৰ্ণ হয় যেতিয়া আতহাৰ ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

প্ৰশিক্ষণৰ সময়ত দুয়ো প্ৰেমত পৰে। অৱশ্যে, ২০১৮ চনত, বিবাহ বিচ্ছেদ হয় তেওঁলোকৰ।

Exit mobile version