1 Crore BMW in River : নদীত উপঙিছে এক কোটি টকাৰ BMW ! কোনো দুর্ঘটনা নহয়, কাৰণ অতি বেদনাদায়ক

BMW Car

কর্ণাটকৰ শ্রীৰংগাপাটনাৰ নদীত উপঙি আছে এখন ৰঙা ৰঙৰ বিএমডব্লিউ (BMW) গাড়ী যি দেখি হতবাক স্থানীয়সকল । নদীত গাড়ী উপঙি থকা দেখি প্রথমে দুর্ঘটনা ভাবি আৰক্ষীক খবৰ দিয়ে অঞ্চলবাসীয়ে । বৈ যোৱা বিলাসবহুল গাড়ীৰ ভিতৰত কোনোবা আবদ্ধ হৈ আছে নেকি বুলি সন্দেহ হয় অনেকৰ ৷ ফলত সন্ধান চলাবলৈ নদীত ডুবাৰু উদ্ধাৰকর্মীক খবৰ দিয়ে স্থানীয় লোকসকলে ।

উদ্ধাৰকর্মীসকলে নিশ্চিত কৰে যে গাড়ীৰ ভিতৰত কোনো নাই ৷ ফলত কিছু স্বস্তিৰ নিশ্বাস এৰে সকলোৱে ৷ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নদীত উটি থকা গাড়ীখনক উদ্ধাৰ কৰে । তথ্য অনুসৰি, গাড়ীখন BMW X6 । ভাৰতীয় বজাৰ যাৰ দাম প্রায় এক কোটি ৩০ লাখ টকা ! প্ৰশ্ন হয় কেনেকৈ ইমান দামী গাড়ী পানীত পৰিল ? কোনো পথদুর্ঘটনাৰ কথাও গ’ম পোৱা নাই স্থানীয়সকলে ৷ তেনেহ’লে হ’ল কি ?

গাড়ীখন পানীৰ পৰা তুলি আনি তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে ৷ কর্নাটকৰ পৰিবহণ দপ্তৰৰ পৰা লাভ কৰা তথ্যে অনুযায়ী, গাড়ীখন বেংগালুৰুৰ মহালক্ষ্মী লেআউটত বসবাসকাৰী এজন লোকৰ । পাছত লোকজনক সোধপোছৰ বাবে মতা হয় যদিও বিষয়াসকলে কোনো সঠিক উত্তৰ লাভ নকৰে ।

অৱশ্যে, তেওঁৰ পৰিয়ালৰ সদস্যসকলে জনায় যে তেওঁৰ মাতৃৰ মৃত্যুৰ পাছৰ পৰাই তেওঁ হতাশাত ভুগি আছে ৷ ইমানেই হতাশাগ্রস্ত হৈ পৰে যে নিজৰ অত্যন্ত দামী বিএমডব্লিউ এছইউভিখন পানীত ডুবাই দিয়াৰ সিদ্ধান্ত লৈছিল !

ঘৰৰ সদস্যসকলৰ বক্তব্য ৰেকর্ড কৰাৰ পাছত আৰক্ষীয়ে লোকজনক এৰি দিয়াৰ সিদ্ধান্ত লয় ৷ কোনো অভিযোগ নথিভুক্ত কৰা হোৱা নাই আৰু পানীত উপঙি থকা BMW X6 SUVখন লোকজনৰ পৰিয়ালবৰ্গক ঘূৰাই দিয়া হয় । BMW ৰ X6 SUV হ’ল বিলাসবহুল গাড়ী ব্ৰেণ্ডৰ আটাইতকৈ দামী গাড়ীবোৰৰ ভিতৰত অন্যতম ৷ ভাৰতত এই মডেলৰ দাম এক কোটি পাঁচ লাখ টকাৰ পৰা আৰম্ভ হয় ৷

Exit mobile version