Coal India : কয়লা সংকট অনিয়ন্ত্ৰিত, বিদেশৰ পৰা কয়লা ক্ৰয় কৰিছে কোল ইণ্ডিয়াই

1633843119 coal2

কয়লা সংকটৰ বিৰুদ্ধে যুঁজ দিবলৈ বিদেশৰ পৰা কয়লা ক্ৰয় কৰিবলগীয়া হৈছে কোল ইণ্ডিয়াই । ছবছৰ আগতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল । চাহিদাৰ অনুপাতত ভাৰতত শক্তিৰ জোগান কমি গৈছিল ‌ । ছবছৰ পাছত পুনৰ সেই একেই পৰিস্থিতিৰ সন্মুখীন হৈছে দেশ । অৱশ্যে এইবাৰ অৱস্থা ইমানেই গুৰুতৰ যে বিশেষজ্ঞসকলৰ শংকা, বছৰৰ শেষত দেশজুৰি অন্ধকাৰ নামিব পাৰে । বাঢ়িব পাৰে লোডশ্বেডিং ।

বিপদৰ পৰা ৰক্ষা পাবলৈ সেয়ে আগতীয়াকৈ প্রস্তুতি চলাইছে কেন্দ্রই । এই বিষয়ত কোল ইণ্ডিয়াৰ ওপৰত দায়িত্ব দিয়া হৈছে । ভাৰত চৰকাৰে পত্ৰ প্ৰেৰণ কৰি কেন্দ্রীয় সংস্থাটোক নির্দেশ দিছে শীঘ্ৰে বিদেশৰ পৰা কয়লাৰ আমদানি কৰিবলৈ । সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে, সেই পত্ৰ তেওঁলোকৰ হাতত আহিছে ।

ভাৰতত ব্যৱহৃত ইন্ধনৰ মূল শক্তি হল কয়লা । দেশৰ মুঠ ইন্ধনৰ ৭০ শতাংশ আহে কয়লাৰ পৰা । ভাৰতত কয়লা উত্তোলনৰ নিয়ন্ত্রক সংস্থা কোল ইণ্ডিয়াই সাম্প্রতিক অতীতত কয়লা আমদানি কৰিবলগীয়া হোৱা নাই । কিন্তু বিশেষজ্ঞসকলৰ শংকা, যি হাৰত দেশত বিদ্যুতৰ চাহিদা বাঢ়িছে, ইয়াৰ ফলত কেৱল দেশত উৎপাদিত কয়লাৰ ভৰসাত থাকিলে কিছুদিনৰ ভিতৰতে বৃহৎ নাটনিৰ সৃষ্টি হ’ব । যাৰ প্রভাৱ পৰিব দেশৰ কলকাৰখানাৰ উৎপাদন আৰু সামগ্রিক বিদ্যুৎ বণ্টন প্রক্রিয়াতো ।

এই বিষয়ত পূৰ্বেই বিভিন্ন ৰাজ্যৰ বিদ্যুৎ সৰবৰাহকাৰী সংস্থাবোৰক সতর্ক কৰিছিল কেন্দ্র‌ই । সময় থাকোতেই হাতত কয়লাৰ যথেষ্ট যোগান মজুত কৰিবলৈও কৈছিল তেওঁলোকে । কোৱা হৈছিল, আগতীয়া ইন্ধন মজুত কৰাৰ প্রক্রিয়া আৰম্ভ নকৰিলে তেওঁলোকে দিয়া কেন্দ্রীয় সৰবৰাহো স্থগিত কৰা হ’ব । এনে পৰিস্থিতিতে শীঘ্ৰে ইন্ধন যোগানৰ ব্যৱস্থা কৰিবলৈ উঠি পৰি লাগিছিল বিদ্যুৎ উৎপাদন আৰু সৰবৰাহকাৰী সংস্থাবোৰ । কিন্তু ইয়াৰ মাজতেই পুনৰ পৰিৱৰ্তন কৰা হ’ল কেন্দ্রীয় নির্দেশ ।

সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে, তেওঁলোকে কেন্দ্রৰ যি পত্ৰৰ কথা জনাইছে, ফলত ৰাজ্যৰ বিদ্যুৎ সংস্থাবোৰক ইন্ধন সংগ্রহৰ প্রক্রিয়া সম্প্ৰতি স্থগিত ৰাখিবলৈ কোৱা হৈছে । সেই দায়িত্ব দিয়া হৈছে কোল ইণ্ডিয়াক । পত্ৰত কোৱা হৈছে, কোল ইণ্ডিয়াই বিদেশৰ পৰা সামগ্রিক কয়লা আমদানি কৰাৰ কাম কৰিব । তাৰ পাছত সেই কয়লা কিমান দামত বিদ্যুৎ সংস্থাবোৰক কিনিব লাগিব, তাৰ বাবে অপেক্ষা কৰিবলৈ কোৱা হৈছে কেন্দ্রৰ তৰফৰ পৰা।

Exit mobile version