Drone : জম্মু-কাশ্মীৰত বিস্ফোৰক সৰবৰাহৰ সময়ত গুলি কৰি পাক ড্র’ন ধ্বংস কৰিলে আৰক্ষীয়ে

drone

বিস্ফোৰক সৰবৰাহৰ সময়ত এটা ড্র’নক গুলি কৰি নমালে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ‌।

গোপন সূত্রে আৰক্ষীয়ে খবৰ পায়, কাঠুৱাত সীমান্ত পাৰ হৈ ড্র’নৰ মাধ্যমত বিস্ফোৰক সৰবৰাহ কৰা হ’ব । সেই খবৰ লাভ কৰিয়েই সতর্ক হয় আৰক্ষী প্ৰশাসন । দেওবাৰে পুৱাই এটা ড্র’ন আৰক্ষীৰ চকুত পৰে । লগে লগে তাক গুলি কৰি নমোৱা হয় । কেনে ধৰণৰ বিস্ফোৰক আছিল সেয়া পৰ্যবেক্ষণ কৰিবৰ বাবে ব’ম্ব স্কোয়াডক খবৰ দিয়া হয় । আৰক্ষীৰ দাবী, ড্র’নটো পাকিস্তানৰ পৰা আহিছিল ।

কিছুদিন আগতেই চোৰাংচোৱাই দাবী কৰিছিল, সীমান্তৰ সিপাৰে পাকিস্তানত সীমান্তৰ লগতে কে’বাটাও স্থানত ড্র’ন ষ্টেছন গঢ়ি তুলিছে পাক গুপ্তচৰ সংস্থা আইএছআই-য়ে । এই বিষয়ত জম্মু-কাশ্মীৰ, পঞ্জাৱ আৰু ৰাজস্থানকো সতর্কবার্তা পঠোৱা হয় । ড্র’ন চিকাৰৰ বাবে ইতিমধ্যে এটা বিশেষ দলো গঠন কৰা হৈছে ।

জম্মু-কাশ্মীৰ আৰু পঞ্জাৱত ড্র’নত মাদক, বিস্ফোৰক, আনকি অস্ত্র সৰবৰাহৰ দৰে ঘটনা ঘটিছে । কে’বাটাও ড্র’ন গুলি কৰি নমাইছে বিএছএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত মাদক, অস্ত্র সৰবৰাহ কৰিবলৈ ড্র’নৰ সাহায্য লৈছে পাক মদতপুষ্ট সন্ত্ৰাসবাদীসকলে । সীমান্তত এই প্রৱণতা বাঢ়ি থকাত সেনা, আৰক্ষী আৰু বিএছএফে কঠোৰ দৃষ্টি ৰাখিছে ।

Exit mobile version