Indian Army : একেটা পৰিয়ালত ভাৰতীয় সেনাৰ তিনি ৰং ! ব্রহ্মজ্যোতৰ নৌ-বাহিনীত নিযুক্ত পৰিয়ালৰ নৱ প্ৰজন্ম

army 16537627213x2 1

পৰিয়ালৰ কে’বাটাও প্ৰজন্ম নিযুক্ত সেনবাহিনীত । কোনো বিমানবাহিনীত, কোনো আকৌ সেনাত ! কেৱল এটা প্রজন্ম নহয়, তেওঁলোকৰ কে’বাটাও প্রজন্ম‌ই সেৱা কৰি আহিছে ভাৰতৰ । সেই প্রজন্মৰ নৱতম প্রতিনিধি ব্রহ্মজ্যোৎ কৌৰ । যোৱা ২৮ মে’ত তেওঁ ভাৰতীয় নৌ একাডেমি বা নাভেল একাডেমিৰ পৰা উত্তীৰ্ণ হৈছিল । Sub Lt, Naval Armament Inspectorate Cadre-ৰ অংশ হিচাপে তেওঁ উত্তীৰ্ণ হৈছে ।

তেওঁৰ বংশৰ তৃতীয় প্রজন্ম হিচাপে তেওঁ ভাৰতীয় সেনাৰ অংশ হ’বলৈ গৈ আছে । ইয়াৰ আগতে তেওঁৰ ককা, ইউং কমাণ্ডাৰ স্বর্ণ সিং বিৰদিয়ে ভাৰতীয় সেনাৰ টেকনিকেল অফিচাৰ পদৰ পৰা অৱসৰ লৈছে ১৯৯২ত । তেওঁৰ পিতৃ গ্রুপ কেপ্টেন সিমৰনপাল সিং বিৰদি এতিয়াও সেনাত কর্মৰত ।

ব্রহ্মজ্যোতৰ মাতৃৰ পৰিয়ালটো আছে সেনাত কাম কৰাৰ ইতিহাস । তেওঁৰ ‌মাতৃৰ পিতৃ, অর্থাৎ ককা লেফ্টেনেন্ট কর্নেল কেএছ চিমাই ১৯৯৮ত অৱসৰ লৈছে । তেওঁৰ মামা লেফ্টেনেন্ট কর্নেল পৰমজিৎ সিং Corps of Signals -ত ১৯৯৮ত নিযুক্ত হয়, তেওঁ এতিয়াও কর্মৰত ।

ব্রহ্মজ্যোতে চেন্নাইৰ এছআৰএম বিশ্ববিদ্যালয়ত ইলেকট্রনিক্স আৰু কমিউনিকেছন বিভাগত শিক্ষাগ্ৰহণ কৰে । তেওঁ সর্বদা ভাৰতীয় সেনাবাহিনীত নিযুক্ত হ’ব বিচাৰিছিল, কিন্তু সেনাৰ নৌবাহিনীৰ বগা পোছাকৰ প্রতি তেওঁৰ আগ্রহ অধিক আছিল ‌। ২০২১ৰ ২৬ ডিচেম্বৰত যেতিয়া তেওঁৰ নাম নাভেল একাডেমিৰ তালিকাত প্রকাশিত হৈছিল, তেওঁ আনন্দত আত্মহাৰা হৈ পৰিছিল ।

পাঁচ মাহৰ কঠোৰ প্রশিক্ষণৰ পাছত এতিয়া পৰৱর্তী পর্যায়ৰ প্রশিক্ষণৰ বাবে যাবলৈ প্রস্তুতি চলাইছে তেওঁ । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ইউং কমাণ্ডাৰ বিৰদিয়ে জনাইছে, দুটা পৰিয়ালৰ বাবেই গর্বৰ বিষয় । বিশেষকৈ ম‌ই আৰু মোৰ পত্নীৰ বাবে কাৰণ, আমাৰ পিতৃসকলো এনে এক অতীতৰ পৰাই আহিছে ।

এজন ককাৰ বাবে তেওঁৰ নাতিয়ে ভাৰতীয় সেনবাহিনীত কাম কৰাৰ সুযোগ পোৱা পৰম আনন্দৰ বিষয় । মোৰ জীয়ৰি নৌবাহিনীত নিযুক্ত হোৱাৰ পাছৰ পৰা কোৱা হয় যে আমাৰ পৰিয়ালত এতিয়া সেনাৰ তিনিটা ৰঙেই আছে । তিনি প্রজন্মৰ হাতত তিনিটা ৰং ।

Exit mobile version