Nepal Plane : সন্ধানহীন বিমানৰ ধ্বংসাৱশেষৰ পোৱা গ’ল নেপালত , ২২জনৰ মৃত্যুৰ আশংকা

1653813054 tara air

অৱশেষত,সন্ধান পোৱা গ’ল নেপালৰ বিমানৰ ধ্বংসাৱশেষ । ২২ জন যাত্ৰীৰ লগত সন্ধানহীন হৈছিল বিমানখন। মুস্তাঙৰ লাৰ্জৌঙত উদ্ধাৰ হৈছে ধ্বংসাৱশেষ । বিমানখন পোখৰাৰ পৰা জামচামলৈ যাওঁতে সন্ধানহীন হয়।

যদিও ধ্বংসাৱশেষ চিনাক্ত কৰা হৈছে, উদ্ধাৰকাৰী দল এতিয়াও প্ৰেৰণ কৰা হোৱা নাই। বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন তললৈ অৱৰ্তন কৰিব পৰা নাই। বিমানখনৰ কোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব পৰা নাই বুলি আশংকা কৰা হৈছে । দূর্ঘটনাস্থলীলৈ খোজ কাঢ়ি ৰাওনা হৈছে উদ্ধাৰকাৰী এটা দল ।

তথ্য অনুসৰি ৯:৫৫ বজাত বিমানখনে পোখৰাৰ পৰা জামচামলৈ উৰা মাৰিছিল। বিমানখনত আছিল ২২ জন যাত্ৰী । তেওঁলোকৰ ভিতৰত চাৰিজন ভাৰতীয়, তিনিজন জাপানী বাসিন্দা, তিনিজন এয়াৰমেন আৰু কেইজনমান স্থানীয় লোক ।

উৰণৰ অলপ পাছতে, বিমানখনৰ স’তে সম্পৰ্ক ৱিচ্ছিন্ন হৈ যায়। পাছত , বিমানখনৰ ধ্বংসাৱশেষ মুষ্টাঙৰ লাৰ্জৌঙত চিনাক্ত কৰা হয়। কিন্তু বেয়া বতৰৰ বাবে উদ্ধাৰকাৰী দলটোৱে এতিয়াও ঘটনাস্থলীত হেলিকপ্টাৰৰ পৰা নামিব পৰা নাই। গতিকে উদ্ধাৰকাৰী দলটো খোজকাঢ়ি ঘটনাস্থলীলৈ ৰাওনা হৈছে।

Exit mobile version