দিনটোৰ ৰাশিফল

95875e800f4f07def991204b49d41425 original

মেষঃ বন্ধু-বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব । কোনো নভবা প্ৰসংগ‌ই আমনি দিব পাৰে । বিদ্যাৰ চেষ্টাত সুফল ।

বৃষঃ উন্নত পৰিৱেশ অনুভৱ । বিদ্যাত চিন্তিত দেখা যায় । কৰ্মস্থানত শুভ । আৰ্থিকত মধ্যম ।

মিথুনঃ কিছু আহুকালৰ মাজেদি সদা প্ৰয়োজনীয় কৰ্ম সম্পাদিত হ’ব । শৰীৰ ভালে নাযাব পাৰে । যোগাযোগত আশানুৰূপ ফল পোৱাত কষ্ট পাব ।

কৰ্কটঃ ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায় । দাম্পত্যতো তেনে আভাস আছে । শৰীৰ মধ্যম । বন্ধু-বান্ধৱৰ সংবাদত সুখ ।

সিংহঃ পাৰিবাৰিক কাৰণত মনতো ভালে নাথাকিব । শৰীৰ পূৰ্বৰ তুলনাত শুভ । পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা । দাম্পত্যত কিছু চিন্তা থাকিব ।

কন্যাঃ উৎকণ্ঠাৰ দিন হ’লেও আপুনি দৃঢ়তা ৰাখক । আনৰ ওপৰত নিৰ্ভৰ কৰা হয় সন্তুষ্ট নহ’ব । বিদ্যাৰ্থীয়ে অতি দৰকাৰী পাঠত গুৰুত্ব দিয়ক । ব্যৱসায়ত মধ্যম । প্ৰেমত আনন্দ ।

তুলাঃ কৰ্মত তৎপৰতা থাকিব । কিন্তু শৰীৰো ভালেৰে নাযাব পাৰে । পঢ়া-শুনাতো বেয়া নহ’ব । প্ৰেম-প্ৰীতিত উচিত কথা বাধা । বিয়াৰ সংকেত ।

বৃশ্চিকঃ প্ৰাপ্য ধন আদায়ৰ সুযোগ পাব । কৰ্মক্ষেত্ৰত আকস্মিক কোনো বাধা সুচিত হ’ব । ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সুফল আশা কৰিব পাৰে । প্ৰেমত আবেগ ।

ধনুঃ জ্ঞাতি-কুটুম্বৰ বাবে কোনোৰ মনত সন্দেহ হ’ব পাৰে । বন্ধুৰ সহায় । প্ৰেম প্ৰীতি চলোৱা সকলে বিবাহৰ কথা ভাবিব পাৰে । ঘৰুৱা মধ্যম ।

মকৰঃ আজি কৰ্মক্ষেত্ৰত মজলীয়া ফল আশা কৰিব পাৰে । বিদ্যাতো তদনুৰূপ । আৰ্থিকত যোগাযোগ কৰিলে উপকৃত হ’ব পাৰে । বিদ্যাতো কম যদিও ব্যস্ততা থাকিব ।

কুম্ভঃ শৰীৰ আৰু পৰিৱেশত খুব এটা ভাল প্ৰভাৱ নাই । দুশ্চিন্তা থাকিব । কিন্তু সামগ্ৰিক ফলত কষ্ট নাপাব । দায়িত্বপূৰ্ণ কামত সক্ৰিয় সহযোগ হয়তো দিব নোৱাৰিব । বিদ্যাত উৎসাহ ।

মীনঃ আগবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে । অৱশ্যে পিছবেলা তাৰ কিছু আৰু লোটা ফল দেখিব । প্ৰয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে থাকক । শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব ।

Exit mobile version