Jan Samarth Portal : ‘জন সামর্থ প’র্টেল’ আনিছে চৰকাৰে, জানক কি কি সুবিধা পাব আপুনি ?

f1e575999bb15b80651a90b51ff6cc48 original

কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আর্থিক পৰিকল্পনাৰ সুবিধা পাবলৈ লগ ইন কৰিব নালাগিব একাধিক প’র্টেলত । নাগৰিকৰ এই সমস্যা দূৰ কৰিবলৈ এটা প’র্টেলতেই সংযুক্ত কৰা হ’ব কেন্দ্রীয় চৰকাৰৰ বিভিন্ন স্কিমৰ সুবিধা । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, শীঘ্রে এনে এটা প’র্টেলৰ আনুষ্ঠানিক উদ্বোধন কৰিব মোদী চৰকাৰে ।

Jan Samarth Portal : ডিজিটেলাইজেছনৰ ওপৰত জোৰ
কেন্দ্রৰ মোদী চৰকাৰে দেশত ডিজিটেলাইজেছনৰ ওপৰত জোৰ দিছে । চৰকাৰৰ সকলো স্কিমবোৰ সকলোৰে বাবে উপলব্ধ কৰিবলৈ প্রতিটো স্কিম অনলাইন কৰিব বিচাৰিছে কেন্দ্র‌ই । চৰকাৰৰ ধাৰণা, সকলো চৰকাৰী স্কিম ডিজিটেলাইজড হ’লে সমস্যা নোহোৱাকৈয়ে স্কিমৰ সুবিধা ল’ব পাৰিব দেশবাসীয়ে ।

Jan Samarth Portal Benefits : কি প’র্টেল আনিছে চৰকাৰে ?
চৰকাৰী স্কিমৰ সর্বোচ্চ সুবিধা দিবলৈ আৰু বিভিন্ন প’র্টেলত লগইন কৰাৰ সমস্যা দূৰ কৰিবলৈ কেন্দ্রীয় চৰকাৰে এটা সাধাৰণ প’র্টেল আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে । এই প’র্টেলৰ নাম ‘জন সামর্থ’ প’র্টেল । এই প’র্টেলৰ মাধ্যমত এঠাইতে আপুনি বিভিন্ন চৰকাৰী স্কিমৰ সুবিধা লাভ কৰিব ।

Jan Samarth Portal : ১৫টা স্কিম প্রথম পর্যায়ত অন্তর্ভুক্ত হ’ব
সংবাদমাধ্যমৰ প্ৰতিবেদন অনুযায়ী, চৰকাৰে ‘জন সামর্থ প’র্টেলৰ’ মাধ্যমত প্রথম পর্যায়ত প্রায় ১৫ টা চৰকাৰী স্কিম অন্তর্ভুক্ত কৰাৰ কথা ভাবিছে । ইয়াৰ ভিতৰত অধিকাংশ চৰকাৰী স্কিমেই ঋণৰ স’তে জড়িত । লগতে চৰকাৰে Minimum Government Maximum Governance-ৰ নীতি গ্ৰহণ কৰিছে । সেয়ে একাধিক মন্ত্রণালয়ে এই প’র্টেলৰ মাধ্যমত একেলগে কাম কৰিব বুলি শোনা গৈছে ।

Jan Samarth Portal Benefits : প’র্টেলৰ মাধ্যমত, সকলো স্কিমৰ সুবিধা এটা প্লেটফর্মত পোৱা যাব । চৰকাৰে এই প’র্টেলৰ মাধ্যমত সকলো চৰকাৰী স্কিম ইআৰ প’র্টেলত আনিব বিচাৰে । ইয়াৰ ফলত সুবিধাভোগীসকলৰ বাবে প’র্টেলত প্রৱেশ কৰা আৰু সহজ হ’ব । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই প’র্টেলৰ পাইলট পৰীক্ষা বর্তমান আৰম্ভ হৈছে । ইয়াৰ সাফল্যৰ পাছতেই এইটো জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব ।

Exit mobile version