আদানী সপ্তম , আম্বানী দশম স্থানলৈ অৱনমিত ,ধনাঢ্যৰ তালিকাত শীৰ্ষত মাস্ক

elon musk and mukesh ambani 1638595136

বিশ্বৰ সবাতোকৈ ধনী ব্যক্তিৰ তালিকাত স্থান অৱনমিত হ’ল দুই ভাৰতীয় ধনাঢ্য গৌতম আদানী আৰু মুকেশ আম্বানীৰ। আদানী গ্ৰুপৰ মুৰব্বী গৌতম আদানীৰ এই তালিকাত স্থান ষষ্ঠৰ পৰা সপ্তম স্থানলৈ অৱনমিত হ’ল।

যোৱা ২৪ ঘণ্টাত আদানীৰ সম্পত্তিৰ পৰিমাণ ১.৫৮ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ পাছতো ধনাঢ্য ব্যক্তিৰ তালিকাত তেওঁৰ স্থানৰ অৱনমন হ’ল। বর্তমানে আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ১০২ বিলিয়ন ডলাৰ।

ইফালে, ধনাঢ্য ব্যক্তিৰ এই তালিকাত অষ্টম স্থানত থকা আম্বানীৰ স্থান দশমলৈ অৱনমিত হ’ল। যোৱা ২৪ ঘণ্টাত আম্বানীৰ ৩৪.৯ কোটি ডলাৰ সম্পত্তি হ্রাস পালে। বর্তমানে আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৯৩.৯ বিলিয়ন ডলাৰ।

ধনাঢ্য ব্যক্তিৰ তালিকাত ২২৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰে প্ৰথম স্থানত আছে এলন মাস্ক। যোৱা ২৪ ঘণ্টাত মাস্কৰ ১২.২ বিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি পালে।

Exit mobile version