আর্থিক সংকটত বিধ্বস্ত শ্রীলংকাক ৭০ কোটি ডলাৰ অর্থসাহায্য দিব বিশ্ব বেংকে

SRI LANKA CRISIS

শ্রীলংকা বুলিলেই চকুত ভাহি আহে বিদেশী পর্যটকৰে ভৰা সমুদ্রসৈকত । কলম্বোৰ পথত উদ্যম নিশা উদ্‌যাপন । জিকমিকোৱা বহুতল আৰু ক’লা মসৃণ মাতাল ৰোডত দীঘল দীঘল বহুমূলীয়া গাড়ী । কিন্তু কিছুদিনতে সলনি হৈছে সেই ছবি । এতিয়া ঘৰ পোহৰাবৰ বাবে বিদ্যুৎ নাই দেশখনত । গৃহস্থৰ ঘৰত ৰন্ধন গেছ নাই । টকা থাকিলেও বজাৰত পণ‌্য নাই । বিশাল অট্টালিকা আৰু গাড়ীৰ স্বত্ত্বাধিকাৰীয়েও খাদ্যৰ অভাৱত এবেলা খাই দিন কটাইছে । এনে পৰিস্থিতিত শ্রীলংকাক ৭০ কোটি মার্কিন ডলাৰ অর্থসাহায্য দিব বিশ্ব বেংকে (World Bank) ।

স্বাধীনতাৰ পাছত সৰ্ববৃহৎ আর্থিক সংকটৰ সন্মুখীন হৈ কার্যত দেউলিয়া শ্রীলংকা (Sri Lanka) । পৰিস্থিতি এনে হৈছে যে ইন্ধনৰ পৰা আৰম্ভ কৰি ঔষধ পর্যন্ত একোৱেই নাই বুলিব পাৰি । বিদেশী মুদ্রাভাণ্ডাৰ শূন্য হৈ যোৱাত আমদানি কৰা কার্যত অসম্ভৱ হৈ পৰিছে । তদুপৰি ঋণৰ বোজা । এনে পৰিস্থিতিত মানৱীয়তাৰ খাতিৰত দ্বীপৰাষ্ট্রখনক সহায় কৰিছে ভাৰতে । দীর্ঘ আলোচনাৰ পাছত এইবাৰ কলম্বোক কিছু সকাহ দি অর্থসাহায্য কৰিবলৈ প্ৰস্তুত হৈছে বিশ্ব বেংকে বুলি সূত্রৰ খবৰ ।

শ্রীলংকাৰ সংবাদপত্র ‘কলম্বো গেজেট’এ এক প্রতিবেদনত জনাইছে, বিগত সপ্তাহত শ্রীলংকাৰ বৈদেশিকমন্ত্রী জয় এল পেইৰিছৰ স’তে আলোচনা কৰে বিশ্ব বেংকৰ কানট্রি মেনেজাৰ চিও কান্দাই । বৈঠকত কান্দাই জনায়, এছিয়ান ডেভেলপমেন্ট বেংক, এছিয়ান ইনফ্রাষ্টাকচাৰ ইনভেষ্টমেন্ট বেংক আৰু ৰাষ্ট্ৰসংঘৰ স’তে মিলিতভাৱে শ্রীলংকাক সহায় কৰিছে বিশ্ব বেংকে । শ্রীলংকাক তেওঁ ৭০ কোটি মার্কিন ডলাৰ দিয়াৰ আশ্বাসো দিছে ।

ইপিনে, মাহিন্দা ৰাজাপক্ষেয়ে প্রধানমন্ত্রীৰ আসন ত্যাগ কৰিলেও শ্রীলংকাত বিক্ষোভ স্তব্ধ হোৱা নাই । বিশেষকৈ ৰাজপথত নামি প্রতিবাদ প্ৰদৰ্শন কৰিছে যুৱ প্রজন্ম‌ই । ৰাজাপক্ষে পৰিয়ালৰ প্রতি থকা ক্ষোভৰ বলি হ’বলগীয়া হৈছে শ্রীলংকাৰ নতুন প্রধানমন্ত্রী ৰনিল বিক্রমসিঙে (Ranil Wickremesinghe) । সেয়ে পৰিস্থিতি কিছু নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ এইবাৰ যুৱপ্রজন্মক শাসন ব্যৱস্থাৰ অংশ হোৱাৰ আমন্ত্রণ জনাইছে । দেশৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা খর্ব কৰি সংসদৰ ক্ষমতা বৃদ্ধি কৰাৰ প্রস্তাৱটো দাঙি ধৰে ৰনিলে ।

দেশবাসীক উদ্দেশ্যি তেওঁ বার্তাত জনায়, আইনপ্রণেতা, বিশেষজ্ঞ আৰু যুৱপ্রজন্মৰ প্রতিনিধিসকলক লৈ সংসদীয় কমিটী গঠন কৰা হ’ব । বিক্রমসিঙে কয়, “আজি তৰুণ প্রজন্ম‌ই পৰিৱর্তনৰ আহ্বান জনাইছে । বর্তমানৰ পৰিকাঠামো সলনি কৰিব বিচাৰিছে তেওঁলোকে । বর্তমান পৰিস্থিতি কি জানিব বিচাৰিছে তেওঁলোকে । সেয়ে চৰকাৰৰ ১৫টা কমিটীৰ প্রতিটোতে ম‌ই চাৰিজনকৈ যুৱপ্রজন্মৰ প্রতিনিধি থকাটো বিচাৰো ।”

উল্লেখ্য, তুমুল সংকটৰ বাবে ক্ষমতাত থকা ৰাজাপক্ষে পৰিয়ালক দোষাৰোপ কৰি গণবিক্ষোভ কৰিছে দেশখনৰ জনসাধাৰণে । তেওঁলোকে ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিছে । চৰম আর্থিক সংকটত পৰা শ্রীলংকাৰ জনসাধাৰণে যোৱা এপ্রিলৰ পৰাই পথত নামি চৰকাৰবিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে । অৱশ্যে সাম্প্রতিক দিনবোৰত বিক্ষোভ বাঢ়িছে । দেশখনৰ বিভিন্ন স্থানত বিক্ষোভ বিয়পি পৰিছে । বিক্ষোভকাৰী আৰু আৰক্ষীৰ মাজত সংঘর্ষৰ ঘটনাও ঘটিছে ।

Exit mobile version