উত্তৰ প্ৰদেশত কুকুৰ পুহিলে ল’ব লাগিব অনুজ্ঞাপত্ৰ, অন্যথা ৫,০০০টকা জৰিমনা

golden retriever royalty free image 506756303 1560962726

যদি আপুনি উত্তৰ প্ৰদেশত কুকুৰ ঘৰত পুহিব বিচাৰে তেন্তে অচিৰে ইয়াৰ বাবে ল’ব লাগিব প্রয়োজনীয় অনুজ্ঞাপত্ৰ। উত্তৰ প্ৰদেশ চৰকাৰে কুকুৰ পালনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ গ্ৰহণ কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছে।

ADVERTISEMENT

উল্লেখ্য যে লক্ষ্ণৌত স্থানীয় প্রশাসনে পূর্বে এই নীতি প্ৰৱৰ্তন কৰি কুকুৰ প্ৰতিপালনৰ বাবে চহৰৰ বাসিন্দাক অনুজ্ঞাপত্ৰ প্ৰদানৰ ব্যৱস্থা লৈছিল।

এইবাৰ যোগী আদিত্যনাথৰ চৰকাৰে ৰাজ্যজুৰি কুকুৰ প্ৰতিপালনৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিব বিচাৰিছে।

অনুজ্ঞাপত্ৰ অবিহনে কোনো ব্যক্তিয়ে ঘৰত কুকুৰ প্ৰতিপালন কৰিলে ৫,০০০ টকা জৰিমনা ভৰিব লাগিব আৰু উক্ত কুকুৰক নগৰপালিকাই জব্দ কৰিব।

Exit mobile version