চাদৰ স্বৰ্ণখনিত ভয়াৱহ সংঘৰ্ষ, মৃত কমেও ১০০ জন শ্ৰমিক

Chad

চাদৰ স্বৰ্ণখনিত ভয়ংকৰ সংঘৰ্ষ। কমেও ১০০ জন শ্ৰমিক নিহত । আহত কমেও ৪০ জন । সোমাবাৰে এই কথা জনালে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল দাউদ য়ায়া ব্ৰাহিমে ।

সংবাদ সংস্থাৰ এএফপিৰ সূত্ৰ অনুসৰি, ঘটনাটো ২৩ মে’ত লিবিয়াসীমান্তৰ ওচৰৰ কৌৰী বগুড়ীত সূত্ৰপাত হয় । জেনেৰেল দাউদ য়ায়া ব্ৰাহিমে জনাই, দুজন লোকৰ মাজত সামান্য তৰ্কৰ বাবেই ভয়ংকৰ সংঘৰ্ষৰ আৰম্ভ হয়।

তথ্য অনুসৰি শ্ৰমিকসকলৰ মাজত সংঘৰ্ষত এতিয়ালৈকে প্ৰায় ১০০ জন শ্ৰমিক নিহত হৈছে আৰু ৪০ জন লোক আহত হয়। ঘটনাটো ঘটিছে ৰাজধানী অঞ্জামেনাৰ পৰা প্ৰায় এহেজাৰ কিলোমিটাৰ দূৰত মধ্য চাহাৰাৰ এক অসম আৰু প্ৰায় আইনবিহীন অঞ্চল তিবেষ্টি পৰ্বতমালাত।

চাদৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এএফপিক ফোনযোগে জনাই যে আইন-শৃংখলা বজাই ৰখাৰ বাবে ঘটনাস্থলীত এটা বৃহৎ সামৰিক বাহিনী মোতায়েন কৰা হৈছে।তেওঁ কয়, “এইটো প্ৰথম নহয় যে অঞ্চলটোত সোণৰ খনি কৰ্মীসকলৰ মাজত সংঘৰ্ষ হৈছে। এতিয়াৰ বাবে আমি তাত সকলো সোণ খনন কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত লৈছো। “

বিগত বুধবাৰে ঘটনাটো প্ৰথমে পোহৰলৈ আহে। চাদৰ যোগাযোগ মন্ত্ৰী আব্দেৰামান কৌলামাল্লাই এক বিবৃতিত কয় যে সংঘৰ্ষত কেবাজনো লোকৰ মৃত্যু হৈছে আৰু কেবাজনো লোক আহত হৈছে।

ইফালে, নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে অত্যাধিক বল প্ৰয়োগ আৰু হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। সোমবাৰে অঞ্চলটোৰ এটা বিদ্ৰোহী গোট, মিলিটাৰী কমাণ্ড ৰেচকিউ কাউন্সিলে এক বিবৃতিত কয় যে সুৰক্ষা বাহিনীয়ে তাত “গণহত্যা” চলাইছে।

প্ৰায় দহ বছৰ আগতে, চাদৰ তিবস্তি পৰ্বতমালাত সোণৰ খনি পোৱা যায়। তেতিয়া চাদ আৰু চুবুৰীয়া দেশৰ পৰা খনিকৰ্মীৰ বৃহৎ সমাগম হয় । ফলস্বৰূপে, তাত শ্ৰমিকৰ দলৰ মাজত সংঘৰ্ষ আৰম্ভ হয়, আৰু পৰিস্থিতি প্ৰায়ে হিংসাত্মক হৈ পৰে৷

ইয়ায়া ব্ৰাহিমে কয় জনাই,এইবাৰ মৌৰিতানিয়া আৰু লিবিয়াৰ শ্ৰমিকসকল ৰক্তাক্ত সংঘৰ্ষত লিপ্ত হৈছে৷ চাদৰ মানৱ অধিকাৰ আয়োগৰ মুৰব্বী মহামত নুৰ ইবেডুৱে এএফপিক কয় যে সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছত চৰকাৰে বাহিনী প্ৰেৰণ কৰে, তেওঁলোকে মানুহৰ ওপৰত গুলীচালনা কৰে।

Exit mobile version