মালবাহী ট্রাকৰ স’তে সংঘৰ্ষ এম্বুলেন্সৰ, উত্তৰ প্রদেশৰ ভয়াৱহ দুর্ঘটনাত মৃত সাত

Ambulance

ভয়াৱহ পথ দুৰ্ঘটনাত সাতজনৰ মৃত্যু হ’ল উত্তৰ প্রদেশত (Uttar Pradesh) । এখন চলন্ত ট্রাকৰ স’তে খুণ্ডা লাগে এখন এম্বুলেন্সৰ । ঘটনাস্থলতেই মৃত্যু হয় এম্বুলেন্সত থকা সাতজনৰ । এই ঘটনাত শোক প্রকাশ কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে । প্রাথমিকভাৱে আৰক্ষীৰ অনুমান, টোপনিত চকু জাপ খাই গৈছিল এম্বুলেন্স চালকজনৰ । তাতেই বিপত্তি ঘটে ।

আৰক্ষী সূত্রে জানিব পৰা গৈছে, মঙলবাৰে পুৱতি নিশা দিল্লীৰ এখন বেচৰকাৰী হাস্পাতালত চিকিৎসা কৰাই বৰেলিৰ (Bareilly) গাঁৱলৈ উভতিছিল একেটা পৰিয়ালৰ ছয়জন সদস্য । ঘটনাৰ সময়ত সম্ভৱত টোপনি গৈছিল এম্বুলেন্সৰ চালকজন । তেতিয়াই উলোটা দিশৰ পৰা অহা এখন মালবাহী ট্রাকৰ স’তে সংঘৰ্ষ (Ambulance Collides with Truck) হয় এম্বুলেন্সখনৰ । গুৰুতৰভাৱে আহত হয় এম্বুলেন্সৰ সাতজন যাত্রী । স্থানীয় লোকৰ উদ্যোগত হাস্পাতালত লৈ যোৱা হয় তেওঁলোকক । তাতেই চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে ।

এছপি ৰোহিত সিং সজবাণে জনাইছে, গাড়ীৰ চালকজন টোপনি গৈছিল । সেই সময়তেই ডিভাইডাৰ পাৰ কৰি উলোটা দিশৰ পৰা অহা মালবাহী মিনি ট্রাকৰ স’তে খুণ্ডা লাগে এম্বুলেন্সখনৰ । তাৰ পাছতেই ঘটনাস্থলৰ পৰা আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে । আৰক্ষীয়ে আৰু জনাইছে, মৃতসকলৰ ভিতৰত চাৰিজন পুৰুষ আৰু তিনিগৰাকী মহিলা । মৃত লোকজনৰ পত্নী, পুত্র, ভগ্নী, ভাগিন আৰু ভনী জোঁৱাইৰ এই দুর্ঘটনাত মৃত্যু হৈছে । মৃত্যু হৈছে গাড়ীৰ চালকৰো ।

এই দুর্ঘটনাৰ কথা জনাই শোক প্রকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে (Yogi Adityanath) । তেওঁৰ দপ্তৰৰ পৰা টুইট কৰি কোৱা হৈছে, “বৰেলিত ভয়াৱহ দুর্ঘটনাৰ কথা জানিব পাৰি গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী যোগী আদিত্যনাথে । মৃতসকলৰ আত্মাৰ শান্তিৰ উদ্দেশ্যে প্রার্থনা কৰিছে তেওঁলোকে । শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনাইছে মুখ্যমন্ত্রীয়ে ।

Exit mobile version