Crude Oil : টকাৰ দাম নিম্নমুখী, ঊর্ধ্বমুখী বেৰেল প্রতি তেল, পুনৰ ইন্ধনৰ মূল্যবৃদ্ধিৰ শংকা

06d1e7bb0cc6babd6b4f4b5600f1edfc original

বিশ্ব বজাৰত অপৰিশোধিত তেলৰ দাম পুনৰ ঊর্ধ্বমুখী (Crude Oil) । সম্প্ৰতি বেৰেল প্রতি তেলৰ দাম ১২২ ডলাৰ, ভাৰতীয় মুদ্রাত যি প্রায় ন হেজাৰ ৪৭৫ টকা । ৰুছ তেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ইউৰোপীয় ইউনিয়নে (Ban Russia) । যুদ্ধ বন্ধ কৰিবলৈ ৰাছিয়াৰ ওপৰত চাপ বঢ়াৰ বাবেই এনে সিদ্ধান্ত বুলি জানিব পৰা গৈছে । ফলত বিগত দুমাহত অপৰিশোধিত তেলৰ দাম সর্বোচ্চে হৈছে । সমগ্ৰ বিশ্বত তাৰ প্রভাৱ পৰিব বুলি শংকা কৰা হৈছে । ফলত ভাৰততো তেলৰ দাম (Petrol Diesel Price) বাঢ়িব পাৰে বুলি শংকা বিশেষজ্ঞসকলৰ (European Union) ।

ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ সময়ত বিশ্ববজাৰত অপৰিশোধিত তেলৰ দাম হয় ১২৮ মার্কিন ডলাৰৰ ওচৰা-ওচৰি, যি এই পর্যন্ত সর্বোচ্চ । দেওবাৰে পুৱা আন্তর্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম ১২২.৭৮ ডলাৰ । লগতে ১২ প‌ইচা কমি ভাৰতীয় মুদ্রাত আজি এক মার্কিন ডলাৰৰ মূল্য ৭৭.৬৬ টকা হৈছে । ফলত শংকা সৃষ্টি হৈছে বুলি ধাৰণা কৰা হৈছে ।

ইন্ধনৰ বাবে সম্প্ৰতি ভাৰতৰ পৰা ৫০ কোটি ডলাৰ ঋণ বিচাৰিছে শ্রীলংকাই । সেয়ে এইবাৰ ভাৰতীয় বজাৰতো পেট্র’ল-ডিজেলৰ দাম বাঢ়াৰ শংকা কৰা হৈছে ।

নিষেধাজ্ঞাৰ ফলত ৰাছিয়াৰ পৰা আমদানি কৰা ৭৫ শতাংশ তেলত প্ৰভাৱ পৰিব । অৱশ্যে সম্প্রতি বিপুল ৰেহাইত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে । তাৰ পাছৰ পৰা এপ্রিলত ৰাছিয়াৰ পৰা আমদানি কৰা অপৰিশোধিত তেলৰ আমদানি ৪৮ লাখ বেৰেল অতিক্ৰম কৰে । ২০২১ আৰু ২০২২-ৰ আৰম্ভণিতে য’ত ৰাছিয়াৰ পৰা আমদানি কৰা তেলৰ পৰিমাণ এক শতাংশ আছিল, যি বাঢ়ি পাঁচ শতাংশ হৈছে ।

একেৰাহে মূল্যবৃদ্ধিৰ পাছত চলিত মাহত পেট্রষ’ল-ডিজেলৰ ওপৰত শুল্ক কমোৱাৰ সিদ্ধান্ত লয় কেন্দ্র‌ই । প্রতি লিটাৰ পেট্র’লত আঠ টকা আৰু ডিজেলত ছটকাকৈ শুল্ক কমোৱাৰ সিদ্ধান্ত ঘোষণা কৰা হয় । ফলত প্রতি লিটাৰ পেট্র’লত চাৰে ন টকা আৰু ডিজেলত সাত টকা দাম কমিছে বুলি দাবী কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰামনে ।

ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা

জনসাধাৰণক ৰেহাই দিবলৈ ৰাজ্যসমূহক শুল্ক কমোৱাৰ আবেদন জনায় কেন্দ্র‌ই । কিন্তু তাক লৈ ৰাজনীতি আৰম্ভ ‌হয় । যদিও বিৰোধীসকলৰ অভিযোগ, ৪০-৪৫ টকা বঢ়াই চাৰি-পাঁচ টকা শুল্ক কমাইছে কেন্দ্র‌ই । জনগণৰ চকুত ধূলি চতিয়াইছে তেওঁলোকে । বিজেপি শাসিত ৰাজ্যসমূহক আঁৰৰ পৰা সুবিধা দিয়াৰ বাবে তেওঁলোকৰ কাৰণে শুল্ক কম কৰা ডাঙৰ কথা নহ’লেও, অন্য ৰাজ্যসমূহৰ বাবে সেয়া সম্ভৱ নহয় বুলি জনায় ।

Exit mobile version