Health Benefits of Ice cream : আইচক্রিম মানেই কি অস্বাস্থ্যকৰ ? ইয়াৰ স্বাস্থ্যকৰ গুণ জানেনে ?

1605826386 5fb6f7527e649 ice cream

শীত, গ্রীষ্ম, বর্ষা সকলো বতৰতে আইচক্রিম বেচ জনপ্রিয় । অৱশ্যে ঠাণ্ডা লেগিব পাৰে বুলি শিশুসকলক বহু সময়ত অধিক আইচক্রিম খাবলৈ দিয়া নহয় । আইচক্রিম খালে দাঁতত কেভিটি, ডিঙি বিষৰ দৰে সমস্যা দেখা দিব পাৰে ।

অৱশ্যে অধিক আইচক্রিম খালে পেট গৰম হোৱাৰ শংকাও থাকে । চিকিৎসকসকলৰ মতে, আইচক্রিমক যিমান অস্বাস্থ্যকৰ বলে ভবা হয়, আচলতে সিমান নহয় । আইচক্রিমৰ কিছু স্বাস্থ্যকৰ গুণো আছে ।

স্বাদৰ লগতে আইচক্রিমে কেনেদৰে শৰীৰৰ যত্ন লয় ?

১) আইচক্রিমত বৃহৎ পৰিমাণে ভিটামিন এ, বি ৬, বি১২, চি, ডি আৰু ই থাকে । ই তেজ গোট মৰা সমস্যাৰ পৰা মুক্তি দিয়ে ।

২) বহু সময়ত অতি ক্লান্ত লাগিলে আইচক্রিম খালে সতেজ অনুভৱ কৰিব পাৰে । ইয়াৰ কাৰণ আইচক্রিমত থকা প্রচুৰ পৰিমাণৰ ফেট, প্র’টিন, কার্ব’হাইড্রেট যিয়ে শৰীৰৰ ভিতৰৰ পৰা সতেজ কৰি তোলে । সেয়ে মাজে সময়ে ক্লান্ত লাগিলে আইচক্রিম খাব পাৰে ।

৩) হাৰ শক্তিশালী ৰাখিবলৈও পটেছিয়াম, ফছফৰাছ সমৃদ্ধ আইচক্রিম খাব লাগে । মানসিক উদ্বেগ হ্ৰাস কৰাৰ ক্ষেত্ৰতো আইচক্রিম পাৰদর্শী ।

Exit mobile version