Terrorist attack : জম্মুত সন্ত্ৰাসবাদীৰ গুলিত নিহত এগৰাকী মহিলা কাশ্মিৰী পণ্ডিত

1640444269 dead body

মঙলবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলিত নিহত এগৰাকী মহিলা কাশ্মীৰী পণ্ডিত । ঘটনাটো দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ গোপালপাৰা অঞ্চলত সংঘটিত হয়।

সংবাদ সংস্থা সূত্ৰ জনোৱা অনুসৰি, মহিলাগৰাকী জম্মু বিভাগৰ চাম্বা অঞ্চলৰ বাসিন্দা । পেছাত তেওঁ এগৰাকী উচ্চ বিদ্যালয়ৰ শিক্ষক ।

গুলীচালনাৰ খবৰ পাইয়ে দ্ৰুতগতিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, তদন্তটোৱে শীঘ্ৰেই এই ঘটনাৰ আঁৰত কোনটো সন্ত্ৰসবাদীৰ গোট আছে সেয়া প্ৰকাশ কৰিব ।

জম্মু-কাশ্মীৰত ইজনৰ পাছত সিজন স্থানীয় লোক নিহত হৈছে। মঙলবাৰে মহিলাগৰাকীৰ হত্যাও তালিকাখনৰ শেহতীয়া সংযোজন।

Exit mobile version