World No Tobacco Day 2022 : শিশুৰ ওপৰত পৰোক্ষ ধূমপানৰ প্ৰভাৱৰ প্ৰবল শংকা

2c1fc2794e889da33699ed3a0803b0b9 original

প্রতি বছৰে ৩১ মে’ত ধূমপান বিৰোধী দিৱস (World No Tobacco Day 2022) পালন কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থাই দিয়া তথ্য অনুযায়ী, কেৱল ধূমপান সেৱনৰ বাবেই প্রতি বছৰে বিশ্বত ৮০ লাখ লোকৰ মৃত্যু হয় । ধূমপান সেৱনৰ ক্ষতিকাৰক, মাৰাত্মক প্রভাৱ দাঙি ধৰিবৰ বাবে ধূমপান বিৰোধী দিৱস পালন কৰে হু-ৱে WHO ।

বিশ্ব ধূমপান বিৰোধী দিৱস : চলিত বছৰত ধূমপান বিৰোধী দিৱসৰ লক্ষ্য পৰিৱেশ ৰক্ষা । প্রত্যক্ষভাৱে হ‌ওক বা পৰোক্ষভাৱে, ধূমপান সেৱনৰ ফলত মাৰাত্মক ক্ষতি হ’ব পাৰে । শ্বাসনলীত সংক্রমণ, শ্বাসনলীৰ অৱনতি, হাপানি, হাওঁফাওঁৰ কৰ্কট, যক্ষ্মা, নিউমোনিয়া, ক্রনিক অবষ্ট্ৰেকটিভ পালমোনাৰি ডিজিজ (Chronic Obstructive Pulmonary Disease)ৰ দৰে শ্বাসযন্ত্রৰ ৰোগচ আক্রান্ত হ’ব পাৰে পৰোক্ষ ধূমপায়ীসকল । ফলত পেছিভ স্মোকাৰ বা পৰোক্ষ ধূমপায়ীসকলক অৱহেলা কৰিব নোৱাৰিব । ধূমপানৰ মাৰাত্মক প্রভাৱ কেৱল প্রত্যক্ষ ধূমপায়ীসকলক নহয়, পৰোক্ষ ধূমপায়ীসকলৰ ওপৰতো মাৰাত্মক প্রভাৱ পেলাব পাৰে ।

পৰোক্ষ ধূমপানৰ ফলত শিশুৰ ওপৰত কি প্রভাৱ পৰিব পাৰে ?

শ্বাসযন্ত্রৰ নানা সমস্যা যেনে হাপানি, ব্রংকাইটিছ আৰু নিউমোনিয়াৰ দৰে সমস্যা হ’ব পাৰে শিশুসকলৰ । শিশুৰ ১৮ মাহ বয়স পর্যন্ত তাৰ আশে-পাশে বা পৰিয়ালৰ কোনোৱে যদি তাৰ সন্মুখত ধূমপান কৰে, শ্বাসযন্ত্রৰ নানা সমস্যা হ’ব পাৰে । ঠাণ্ডা লগা, কাহ, শ্বাসকষ্ট, হাপানি, অনাক্রম্যতা হ্রাস হ’ব পাৰে ।

পৰোক্ষভাবে ধূমপানৰ বলি হ’লে হাওঁফাওঁৰ বৃদ্ধি নঘটে ।
মেনিনোকোকাল ৰোগৰ শংকা বাঢ়ে ।
টোপনিতেই শিশুৰ মৃত্যুৰ শংকা থাকে ।

পৰোক্ষ ধূমপানত ক্ষতি হ’ব পাৰে নেকি প্রাপ্ত বয়স্কসকলৰ ?
ধূমপান কৰা কোনো লোকৰ স’তে একেই ঘৰতে থাকিলে অন্যসকলৰ হৃদৰোগ আৰু ষ্ট্ৰ’কৰ শংকা বাঢ়ে ।
পৰোক্ষ ধূমপানৰ ফলত তেজ গোট মৰা আৰু হৃদৰোগৰ সম্ভাৱনা বাঢ়ে ।
ৰক্তনলীত চর্বিযুক্ত পদার্থ জমা হৈ ব্লক হ’ব পাৰে । ৩০ মিনিটৰ অধিক পৰোক্ষ ধূমপানৰ ফলত ৰক্ত প্রবাহত বাধা আহিব পাৰে ।
পৰোক্ষ ধূমপানৰ ফলত শৰীৰত এন্টি অক্সিডেন্ট আৰু ভিটামিনৰ পৰিমাণ কমে ।
ডিঙি আৰু স্বৰযন্ত্রৰ কৰ্কট, স্তন কৰ্কট, হাওঁফাওঁৰ কার্যকৰিতা হ্রাস আৰু অন্যান্য শ্বাসযন্ত্রৰ ৰোগৰ শংকা বাঢ়ে ।

Exit mobile version