ইন্ধনৰ অভাৱে গ্রাস কৰিছে দেশৰ অর্থনীতি । তেনে পৰিস্থিতিতে কর্মচাৰীসকলৰ বাবে বিনামূলীয়া চাইকেল সেৱা আৰম্ভ কৰিলে শ্রীলংকাৰ প্রধান বন্দৰত । যাতে পেট্রলচালিত যানৰ অবিহনেই কাম অব্যাহত ৰাখিব পাৰে তেওঁলোকে ।
ADVERTISEMENT
পৰিত্যক্ত ৰেল লাইনক চাইকেল ট্রেকৰ পৰিণত কৰা হৈছে । জনালে শ্রীলংকাৰ বন্দৰ কর্তৃপক্ষই । ৰাজধানী কলম্বোত অৱস্থিত প্রায় ৪৬৯ হেক্টৰজুৰি থকা এই বন্দৰে এই নতুন পন্থা অৱলম্বন কৰিলেও বন্দৰৰ প্ৰধান প্রশান্ত জয়মান্নাৰৰ বক্তব্য, ‘‘বন্দৰত ইন্ধনৰ নাটনিৰে এতিয়াও তেনে প্রভাৱ পেলোৱা নাই ।’’
যাক ইন্ধনৰ প্রয়োজন হৈছে মজুত ৰখা যোগানৰ পৰা তেওঁলোকক সৰবৰাহ কৰা হৈছে । ইন্ধনৰ অভাৱক কেন্দ্র কৰি সৃষ্টি হোৱা পৰিস্থিতিয়ে বন্দৰৰ কাৰ্যত কোনো প্রভাৱ পেলাব নোৱাৰে বুলি জনায় জয়মান্নাই ।