Sidhu Moose Wala Murder : মুছেৱালাৰ মৃত্যুৰ পাছতে ৪২৩ জনৰ নিৰাপত্তা পূৰ্বাৱস্থাত অনাৰ সিদ্ধান্ত পঞ্জাৱৰ মান চৰকাৰৰ

1649645580 mann

সাত জুনৰ ভিতৰত ৪২৩ জনৰ কৰ্তন কৰা নিৰাপত্তা ব্যৱস্থা পূর্বাৱস্থাত ঘূৰাই দিব পঞ্জাৱৰ ভগৱন্ত মানৰ চৰকাৰে । বৃহস্পতিবাৰে পঞ্জাৱ আৰু হৰিয়ানা উচ্চ ন্যায়ালয়ে মান চৰকাৰক নির্দেশ দিছিল, যে ৪২৩ জনৰ নিৰাপত্তা কৰ্তন কৰা কৰা হৈছিল, তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থা ঘূৰাই দিবলৈ ।

যোৱা ২৯ মে’ত, দেওবাৰে সন্ধিয়া গুলিবিদ্ধ হৈ মৃত্যু হয় জনপ্রিয় ৰেপাৰ তথা কংগ্রেছ নেতা সিধু মুছেৱালাৰ । তেওঁৰ শৰীৰত প্ৰায় ২৫টা বুলেট লাগিছিল বুলি আৰক্ষী সূত্রে খবৰ । ঘটনাচক্রে, তাৰ আগৰ দিনাই তেওঁৰ নিৰাপত্তাৰ কমাই দিছিল ৰাজ্য চৰকাৰে ।

ইয়াৰ উপৰি, পঞ্জাৱৰ আৰু ৪২৩ জনৰ নিৰাপত্তা কৰ্তন কৰিছিল মান চৰকাৰে । কিন্তু নিৰাপত্তা হ্ৰাস কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে সিধুৰ ওপৰত আক্ৰমণত পুনৰ চৰকাৰী ওপৰত প্রশ্ন উত্থাপন হৈছে । বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ক চৰকাৰে ৪২৩ জনৰ নিৰাপত্তা পূৰ্বৰ অৱস্থাত ঘূৰাই অনাৰ নির্দেশ দিয়ে । তাৰ পাছতেই আদালতত মান চৰকাৰে জনায়, অহা সাত জুনৰ ভিতৰত ৪২৩ জনৰ নিৰাপত্তাই পূৰ্বৰ অৱস্থাত ঘূৰাই দিয়া হ’ব ।

আদালতে পঞ্জাৱ চৰকাৰক প্রশ্ন কৰে, কিয় নিৰাপত্তা তুলি লোৱা হ’ল ? উত্তৰত মান চৰকাৰৰ অধিবক্তাই জনায়, অহা ছয় জুনত অপাৰেছন ব্লু ষ্টাৰৰ বর্ষপূর্তি । তাৰ বাবে অতিৰিক্ত নিৰাপত্তা বাহিনীৰ প্রয়োজন । সেয়ে ব্যক্তিগত নিৰাপত্তাত মোতায়েন কর্মচাৰীসকলক কৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।

প্রসংগত, ১৯৮৪ৰ ছয় জুনত ভাৰতীয় সেনাই স্বর্ণমন্দিৰত অভিযান চলায় । সেই ঘটনাৰ বর্ষপূর্তিৰ দিনা পঞ্জাৱত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি নহ’বৰ বাবে অতিৰিক্ত বাহিনী মোতায়েন ৰখাৰ সিদ্ধান্ত লয় ৰাজ্যৰ আপ চৰকাৰে ।

ইপিনে, সিধুৰ পৰিয়ালবৰ্গই কেন্দ্রীয় চৰকাৰক পত্ৰ লিখি মৃত্যুৰ ঘটনাৰ তদন্ত কোনো কেন্দ্রীয় সংস্থাক কৰোৱাৰ দাবী জনাইছে ।

Exit mobile version